এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
মেলেচ জাতিক দীক্ষিত কৰিলা
বান্ধিলা একতা ডোলে,
ধৰম যুঁজত আগবাঢ়ি গই
স্বৰ্গ অমিয়া পিলে।
দশম কীৰ্ত্তন, গীতা ৰত্নাৱলী,
তোমাৰে লক্ষৰ বল,
ইয়াৰ বলতে জয়লাভ কৰি
কৰিলা সবাকো তল।
এটি দুটি কৰি গোটেই জাতিটে৷
তোমাকে পাবলৈ গ'ল,
চুকে কাণে ক’তো এটিও নৰল
কামনা পুৰণ হ'ল।
২২