এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
“দেৱ!”
আকাশে পাতালে স্বৰগত আজি
ঘুষিছে তোমাৰ নাম,
অবুজা ভাষাৰে কত মিনতিৰে
সাধিছে তোমাৰ কাম।
স্বৰগ অমিয়া মৰতত আনি
জীৱন পবিত্ৰ কৰি,
মুক্তিৰ পথৰ ভিখাৰী কৰিলা
পিয়ালা পৰাণ ভৰি।
তযু চৰণৰ পবিত্ৰ ধূলাই
জগত পবিত্ৰ কৰি,
পুলকিত প্ৰাণে আকুল কৰিলে
দিয়ালে সত্যত ভৰি।
২৪