এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
অসম বাসীৰ হিন্দু সমাজত
তোমাৰে সাহিত্য সাৰ,
প্ৰতি প্ৰাণে প্ৰাণে কুলু কুলু কৰি
বইছে অমিয়া ধাৰ।
কেনেনো ভাষাৰ কেনেনো লালিত্য
কেনেনো সুৱলা টান,
কেনেনো ফুলৰ কেনেনো চুপহী
কেনেনো মধুৰ ঘ্ৰাণ।
সত্যৰ লগত পুণ্যৰ ৰথেৰে
ধৰম সাৰথি লই,
কৰম ক্ষেত্ৰত সুখ্যাতি লভিলা
কাললৈ গৌৰব থই।
২১