সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।


সকলো হিয়াত শান্তিৰ সূষমা
 এচাতি এচাতি পৰি,
অজ্ঞান আন্ধাৰ গুচাই মনৰ
 পেলালে পোহৰ কৰি।


এনে নিৰমল ধৰ্ম্মৰ সোঁতত
 এবাৰ জোবোৰা মাৰি,
কোনেও কদাপি নোৱাৰে ভুলিব
 নোৱাৰে এৰিব শাৰী।


তযু ধৰমৰ কেনেনো মোহিনী,
 কেনেনো আকৰ্ষ শক্তি,
এলাহত থকা মেলেচ হঁতেও
 কৰিলে অশেষ ভক্তি।

২০