এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
সাহিত্য বনৰ ফুল তুলি তুলি
কৰণি ভৰাই লই,
ভাষাৰ উন্নতি দেশৰ উন্নতি
সাধিলা সুনীতি থই।
কবিতা ফুলৰ ৰাশি ৰাশি মালা
কেনেনো তালত তুলি,
অসমীয়া জাতিক জাতিয়ত্ব দিলা
নিৰ্ব্বাণ প্ৰদ্বীপ জ্বালি।
ঘোৰ আন্ধাৰত পথহাৰা হই
শুই থকা জাতি ভাই,
উন্নতি সাধন কৰিব লাগিছে
তযু জ্ঞানামৃত পাই।
১৯