এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
সৰলা সুন্দৰী বইছে তটিনী
কুলু কুলু গীতি গাই,
আবেগ সুৰত অবলা হৰিণী
তধা লাগি লাগি চাই।
অকল শৰীয়া সন্ধিয়া তৰাটি
নীল আকাশৰ মাজে,
মোহন মুৰুতি বিৰাজ কৰিছে
সদায় একেটি সাজে।
কেনেনো তৰুণ লাবণ্য মুৰুতি
ধৰিছে জনম ভূমি,
শোকত আকুল তাপিতৰ হিয়া
দেখিলেই যাই পমি।
১৬