সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।

অতি আনন্দেৰে মনৰ হেপাঁহে
 নবীন মাধুৰী খেলে,
প্ৰেম আলিঙ্গন কৰিছে ধৰাক
 শ্যামল বনৰ তালে।

এনে নিজানত বিহগ বিহগী
 প্ৰেমৰ লহৰী তুলি,
প্ৰেমিক মিলন পঞ্চমে পূৰবে
 ধীৰ বতাহত মিলি।

সৌৰভে মুহিছে নিজান কানন
 কেনেনো সুগন্ধ আজি,
প্ৰকৃতি ৰাজ্যত ৰং বিহৰিছে
 দিব্য আভৰণে সাজি।

১৫