এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
অতি সুকোমল নবীন প্ৰাণত
সেউজীয়া আভৰণে,
ধীৰ মলয়াত লাহে লাহে নাচে
গিৰি গুহা উপবনে।
প্ৰতি গছে গছে লতাই লতাই
দুটি প্ৰাণ মিলি মিলি,
ইজুপি সিজুপি অন্তৰৰ ভাব
কয় মনে মনে খুলি।
টগৰ, মালতী, কেতেকি,বকুল,
গুলচ, খৰিকা জাঁই,
ৰাশি ৰাশি ফুল ফুটিছে বনত
নবীন প্ৰতিভা পাই।
১৪