এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
জীৱন বেলিটি লাহে লাহে ডুবি
পৰিল সন্ধ্যা বেলাত,
স্মৃতি মাত্ৰ ৰল নশ্বৰ দেহাৰ
(শেষ) আজি কালৰ গৰ্ভত।
⸺
বসন্ত।*
আজি সন্ধ্যাকালে নব অনুৰাগে
শুৱনী প্ৰকৃতি দেবী,
দেখিলেই মন জুৰ পৰি যায়
নতুন ভাবনা ভাবি।
⸻⸻⸻⸻⸻
- নগাওঁ অ, ভা, উ, সা, ত পাঠ কৰা।