এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
কোমল হিয়াত নোৱাৰা সহিব
অলপো কঠিন ভাৰ,
বতাহৰ বাতে আলশুৱা দেহ
তেনে হয় চুৰমাৰ।
“দেৰি!”
আজি কিয় হায়, এনে শৰীৰৰ
দেখো মাটিত শয়ন,—
আছিলা এদিন সকলো জনৰ
জীৱন অমূল্য ধন।
যাৰ আশ্ৰয়ত জনমৰ পৰা
ডাঙৰ দীঘল হলা,
সেই জননীয়ে নামাতে দুনাই
পাহৰি তোমাৰ লীলা।
১২