সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।

সুৱগী বিহগী ডালে ডালে পৰি
 সুললিত গীতি গাই,
সঙ্গীতৰ চেৱে  হালি জালি নাচা
 হিয়াতলি উদঙ্গাই

ধীৰ সমিৰণ ধীৰে ধয়বীৰে।
 তোমাৰে সৌৰভ লই,
তাপিত প্ৰাণত শান্তনা বিলাই
 বিৰহীক দিয়ে গই।

পুৱতি নিশাতে শীতল জ্বলেৰে
 নিয়ৰ বাইটী দেহি,
কোমল দেহাটি ধুৱাই যতনে
 কেনে তলকত আহি!

১১