সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।

বসন্ত আহিলে জক্‌ মক্‌ কৰি
 সৌৰভ সফুৰা মেলি,
গুপুত ভাবেৰে জনোৱা প্ৰকৃতি
 হিয়াৰ আবেগ খুলি।

নঙঠা গছৰ দিব্য আভৰণ
 তুমি হে হিয়াৰ মাজে,
দেখিলে দূৰত বিৰহী জনক
 মুচ্, কচ্ যোৱা লাজে।

তুমি প্ৰকৃতিৰ প্ৰণয় চাণেকী
 পবিত্ৰ ইয়াৰ মাজে,
শান্তিৰ সূষমা একমাত্ৰ আনি—
 নেদেখি তোমাত বাজে।