সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।

দ্বাৰত প্ৰবেশ হলে
মনে হয় এয়ে যেন
 সৰগৰ নন্দন কানন,
নিতে নিতে আহি আহি
নানান বিনোদ ৰসে
 কেলি কৰে দেৱ দিব্যঙ্গন।

ধ্যান মগ্ন মহামুনি
কৰ্ত্তব্য সাধন হেতু
 শিলাৰূপে ভূমিত শয়ন
আশীষ বাণীৰ আশে
ভক্তি পূৰ্ণ অৰ্ঘা লই
 পুষ্পাঞ্জলি দিয়ে যাত্ৰীগন।

অসম গৌৰব স্মৃতি
কেনে দৰে উজ্বলিছে
 মুনিবৰ এই তপোবন,