সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বশিষ্ঠাশ্ৰম।

প্ৰকৃতিৰ লীলাভূমি—
কবিৰ কল্পনা পুৰি
 সৌন্দৰ্য্যৰ এই মহা থান,
পথ শান্ত পথিকৰ
জিৰণিৰো এই ঠাই
 নিতে গীত গাই সমিৰণ।

সন্ধ্যা, ললিতা, কান্তা,
তিনিজনি বাই ভনী,
 নিজানৰ পৰ্ব্বত জীৱৰী,
কুলু কুলু সুৰ ধৰি
অহৰহ বই আছে—
 মুনিবৰ উদ্দেশ্য সুৱঁৰী।