সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অঙ্কুৰ।

নৈবেদ্য বিহীন আজোখা শৰাই
 ধৰিছোঁ চৰণে পৰি,
অজ্ঞান আন্ধাৰ গুচাই মনৰ
 দিয়া আগুৱান কৰি।

জ্ঞানৰ শলাৰে হৃদয় জ্বলোৱা
 পুৰুৱা মনৰ কাম,
সুখে দুখে যেন কদাপি নুভুলোঁ
 মুখত তোমাৰ নাম।