এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
নাই ধন জন দুখীয়া পৰাণ
জন্মিল দুখীয়া হই,
দুখৰ বোজাকে বইছোঁ সততে
নিয়তি পথত ৰই।
অনন্ত কালৰ অনন্ত ধামৰ
নাজানো কৰ্ত্তব্যকাম,
ভব নাটকৰ নতুৱা সাজিলোঁ
নিচিনো তোমাৰ নাম।
অজ্ঞান আন্ধাৰ গুচাই মনৰ
দিয়া পদ তলে বাস,
সপোনে সচিতে উঠোতে বহোঁতে
তাকেহে কৰিছোঁ আশ।
৩