এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্কুৰ।
প্ৰণয় ডোলেৰে বান্ধি নিৰন্তৰে
ৰাখিছা মিলন কৰি,
ধনী-দুখী আদি সবাকো পালিছাঁ
তুমি ন্যায়-দণ্ড ধৰি।
হে দয়াময়! তোমাত বিনাই
নাই সংসাৰৰ গতি,
কিনো নৈবেদ্যাদি গোটাই আহুতি
পূজিম চৰণ দুটি।
ভকতি ভাণ্ডাৰ নাই হৃদয়ৰ
নুবুজো তোমাৰ স্তুতি,
ধুপ, দ্বিপ, জ্বালি, নানাবিধ বলি,
নাজানো তাকো দুৰ্ম্মতি।
২