সমললৈ যাওক

পৃষ্ঠা:অঙ্কুৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বন্দনা।

ভকতি-আঁজলি যাচিছোঁ হে প্ৰভু
 লই এই পুষ্প হাৰ,
অবোধ সন্তানে প্ৰবোধ নামানে
 কৰা দৃষ্টি কৰুণাৰ।

দুঃখীয়াৰ বুলি নিঘিনিবা প্ৰভু
 মাতিছোঁ বন্দনা গানে,
আকুল হৃদয় পুলকিত কৰা
 তোমাৰ অংশীষ দানে।

তোমাৰে গৰীমা গাইছে পখীয়ে
 নদ,নদী, বসুন্ধৰা,
তোমাৰ আশীষ পাইছে সবেও
 বিশ্ব পুলকিত কৰা।

8