পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
অকণি বীৰাংগনা কনকলতা

পুলিচৰ চাকৰি লৈ বহু অসমীয়াও আছিল। সেইসকল অসমীয়াক জ্যোতিপ্ৰসাদে দেশৰ ঘোৰ শত্ৰু কাপুৰুষ বুলি ককৰ্থনা কৰিলে।

সাত

 ১৯৪২ চনৰ ২০ চেপ্তেম্বৰ। অসমবাসীৰ প্ৰাণত নতুন উত্তেজনাই গা কৰি উঠিল।

 কনকলতাই আগতকৈও সোনকালে শোৱাপাটী এৰিলে। গা-পা ধুই গোঁসাই প্ৰাৰ্থনা কৰি আজৰি হ’ল। নিজে সূতা কাটি বোৱা কপাহী চাদৰ-মেখেলা এযোৰ পিন্ধি ল’লে।

 মাকে গা-পা ধুই কনকলতাহঁতক জলপানৰ বাতি দিলেহি। ভনীয়েকৰ লগত কনকলতাই জলপান খাবলৈ আখল ঘৰত বহিল। গহীনহৈ জলপান খাই থকা বায়েকলৈ ভনীয়েকে ৰ লাগি চাই থাকিল। তাকে দেখি কনকলতাই ক’লে- “মই আজি ঘৰলৈ উভটি নাহিবও পাৰো।” ভনীয়েকে হ’লে সেই কথাৰ একো আওভাও নুবুজিলে, বায়েকৰ টান টান কথাবোৰ তাই নুবুজেই।

 কনকলতা ঘৰৰপৰা ওলাই আহিল। পুৱা সাতবজাত বৰঙাবাৰীৰ মাজমজিয়া বৰ্তমান ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পবিত্ৰ ভূমিলৈ হেলেম, কলংপুৰ ব্ৰহ্মজান মৌজাৰ চাৰিও দিশৰ পৰা দলে দলে সংগ্ৰামী সেনানীসকল আহি গোট খালেহি।

 কনকলতাই হাতত ত্ৰিৰঙ্গা পতাকা তুলি ল'লে। সকলোতকৈ

20