পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
অকণি বীৰাংগনা কনকলতা

আগত তাই থিয় হ'ল। কনকলতাৰ নেতৃত্বত সমদল আগ বাঢ়িল। মুখত ‘বন্দে মাতৰম’, ‘কৰিম কিম্বা মৰিম’ আৰু জ্যোতিপ্ৰসাদৰ গীত। জীৱনৰ মমতা নেওঁচি আগবঢ়া সেই সমদলে প্ৰতি জন মানুহৰ অন্তৰ কপাই তুলিলে। লোকে লোকাৰণ্য হৈ সমদলৰ পিছত খোজ ল'লে।

 কলংপুৰ হেলেম ব্ৰহ্মজান মৌজা হৈ সমদল গহপুৰ থানা আহি পালেহি।

 ইংৰাজে থানালৈ যোৱা পথৰ দুৱাৰ বন্ধ কৰায় দিলে। অগণন মানুহ। কনকলতাই অসীম সাহস দেখুৱাই দুৱাৰ খুলি দিবলৈ ক'লে। পিছে পুলিচে বাধাহে দিলে। হুলস্থুলৰ সৃষ্টি হ’ল। বাধা দিয়া পুলিচক

21