পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
অকণি বীৰাংগনা কনকলতা

 জ্যোতিপ্ৰসাদ আগৰৱালা, অমিয় কুমাৰ দাস, পুষ্পলতা দাস আদি দেশনেতাসকলৰ আলোচনা বহিল। আলোচনাত ঠিক হ’ল ২০ চেপ্তেম্বৰৰ দিনা দৰঙ জিলাৰ বিভিন্ন থানা নাইবা কেছাৰী ঘৰৰ সমুখত মৃত্যু বাহিনীয়ে বন্দুকৰ গুলিলৈ আওকান কৰি ভাৰতৰ পতাকা উত্তোলন কৰিব। এই কথা ৰাইজক জনাবলৈ গাঁওবোৰত ভাষণ দিবলৈ সকলো দিহা দিহি গ’ল৷ গৰুগাড়ীত, খোজকাঢ়ি, জ্যোতিপ্ৰসাদৰ নিজা টেক্সীগাড়ীত, যিয়ে যেনেকৈ পালে কামত লাগি গ'ল। সভাবোৰত, বাটেপথে জ্যোতিপ্ৰসাদৰ তেজ উতলা কৰা গীতৰ ঢৌ উঠিল।

 সময়ত দিন ঠিক হ’ল। ঠাই ঠিক হ’ল। মানুহ ঠিক হ'ল। প্ৰচেছন কৰি থানা, কেছাৰী ঘৰলৈ মৃত্যু বাহিনী আগবাঢ়িব। ভাৰতৰ পতাকা উত্তোলন কৰিহে এৰিব। মুঠৰ ওপৰত ২০ চেপ্তেম্বৰত পতাকা উৰিবই।

 কামবোৰ ঠিক হ’ল যদিও পয়মালে দেখা দিলে। অসমৰ প্ৰাদেশিক কংগ্ৰেছৰ সকলো কৰ্মীকে ইংৰাজে গ্ৰেপ্তাৰ কৰি পেলালে। ইফালে ঠিক কৰা কাম সম্পূৰ্ণ কৰিবই লাগিব।

 ঢেকীয়াজুলিত পুষ্পলতাই দল প্ৰতিনিধিত্ব কৰাটো ঠিক হ’ল। গহপুৰতকনকলতা আগবাঢ়ি আহিল। গুৱাহাটীত আৰু এজন দেশনেতা হেম বৰুৱা নৰীয়াত পৰা কাৰণে নেতা অমিয় কুমাৰ দাসে জ্যোতিপ্ৰসাদক গুৱাহাটীলৈ যাবলৈ নিৰ্দেশ দিলে।

 ২০ চেপ্তেম্বৰ আছিল পতাকাৰ উত্তোলনৰ দিন। কিন্তু ১৯ তাৰিখেই বহুতৰ লগতে পুষ্পলতা দাসকো পুলিচে গ্ৰেপ্তাৰ কৰিলে। ইংৰাজৰ তলত

19