পদুমৰ অভিযান

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
পদুমৰ অভিযান

অসুখীয়া মনে মোৰ

অসুখৰে ভাৰ বই

অসুখৰ সাধনাকে সাধি

নিজৰ অসুখ বুলি

পৰকো অসুখী কৰি

দুঃখ দিয়ে জীৱন অৱধি।

অসুখৰে খেলা খেলি

জীৱনৰ আধা বেলি

মিছাকৈয়ে দিলো উটুৱাই;

সুখৰ বসুধা খনি

দুখৰ আন্ধাৰে ঢাকি

আন্ধাৰতে গলো ভটীয়াই।

বহুদূৰ বাট বুলি

ভাগৰৰ বেমেজালি

বেদনাৰে বোজা বান্ধি লই;

নিৰাশ দুপৰ নিশা

পালক পালিকা তৰি

নাওখনি মেলি দিলো মই।

লক্ষ্যহীন তৰণীৰ

গতিহীন নিৰৱতা

ভেদকৰি গলোঁ বহুদূৰ

নিজান নিমাত হায়

জীৱন সাগৰ পাৰ

এতিয়াও পৰা নাই ওৰ।

ধীৰে ধীৰে যাব মোৰ

বাধাহীন নাও খনি

দূৰ আৰু অতি দূৰলৈ;

ছিগি গ'ল আলজৰী

ফুটি য'ক নাও তলি

তথাপিও ভটীয়াম মই।

যেতিয়া শিকিম মই

ভাললগা কথাবোৰ

বতাহতে বৰষিম মই,

ভয়লগা সাগৰৰ

বিভীষিকা হৰষত

উটুৱাম কাটি শত ঢ'উ।

তেতিয়া কৰিম মই

দৰদী প্ৰিয়াক মোৰ

পৰাণৰ প্ৰিয়া বিনন্দীয়া

হাত পাতি খুজি লম

তথাপিও যত ফুল

মৰমৰ মালা গাঁথি দিয়া।।