স্বৰূপ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
স্বৰূপ

বাস্তৱত দেখিলোঁ প্ৰিয়া হাৰা মই
সৰগৰ প্ৰেমৰ মন্দাকিনী ল'ই
মিছাতেই হায় আত্মহাৰা হই
বোৱালোঁ প্ৰেমৰ নই।
মিছা মিছা হায় জগতৰ মায়া
পাহৰিলোঁ মই আপোন কথা
প্ৰিয়া মাথোঁ মোৰ শুভ্ৰ ছায়া
নিৰৱ কোণৰ অকণি দয়া।
প্ৰেমৰ মদিৰা মৰণে চুমি
কাকনো মিছাতে ফুৰিলোঁ জুমি
কায়া ছায়া হীন
বিপুল বাসনা সেয়েহে তুমি।
তেতিয়াৰে কাৰ কেচুঁৱা অৰুণে
সেউজী বনত মাৰিলে আঁক
মোৰ হৃদয়ৰ দূৰ সীমনাত
আজিওতো আছে সোণালী দাগ।।