বন্দনা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বন্দনা

জনম মৰণ আৰু এই ভালপোৱা

সকাম সৰগী দূতে কাণে কাণে কয়

ধৰণীত আচে যত মানৱ দেৱতা

মুক্ত সেই ধূলি পথ ধূলিৰেই জয়

আজিৰ নহয় তেওঁ শত যুগ ধৰি

সুখৰ অমিয়া ধাৰা দিলে উটুৱাই

আবেগ জুমুৰি ল'ই আধাফুটা কথা

প্ৰাণে প্ৰাণে অততীৰ সুখ সোঁৱৰাই।

গান তুমি প্ৰাণ ভৰি ভাল পোৱা দেই

ঘিণ তুমি মুঠে নকৰিবা

সৃষ্টিৰ মুখত ফুটা গানৰ গৌৰৱ

আজি সোণ তুমি নুবুজিবা।

মেলি থোৱা মন্দিৰৰ দুৱাৰ মুখেদি

গ'ই তুমি দেৱতা নাপালে,

চৰণৰ চাব দেখি উলটি নাহিবা

মন কৰি কুসুম পাহিলে।

দেৱতাই কোনো দিনে ভুল কৰা নাই

কুসুমৰ কোমল সপোন

মানৱ দেৱতা বুলি নিজৰ মাজত

বিচাৰিলে দেখিবা আপোন।

তাতো যদি একো তুমি নতুন নেদেখা

পুৰণিৰে পাতিবাচো কথা

নতুনক সোঁৱৰাই পুৰণি আহিব

নুবুজাৰ ক'ত শত ব্যথা।

নিবিচাৰি জগতৰ সাধনা সম্বল

বিবেকৰ ভৰিটি বুলোৱা

সময়ৰ বালিচৰ পাৰ হৈ যক

জীৱনৰ শীতল অমিয়া

ঢউ উটি মাৰ যায় সাগৰ পাৰত

সময়ে নুবুজে দেখি চিন তাৰ নাই

তুমি মই আছোঁ আজি এই ধৰণীত

কালিলৈ নাথাকিলে একোৱেই নাই

ধৰণীৰ মানৱৰ বুকুৰ বিচাৰ

মানুহেই হিয়াত নাপালে

জোনোৱালী শৰতৰ ফুলাম ৰাতিত

কিনো হব কালিমা দেখিলে

মই নাই তুমি কিনো মোৰেই নিচিনা

জগৰৰ কিমান আপোন

আছে তুমি যোৱা সোণ সেই বাটেদিয়ে

মিলনৰ নালাগে সপোন।

ধৰণীৰ প্ৰায়শ্চিত্ত মানুহেই কৰিব

জগতত তাৰ আগে আগে

মানুহক মানুহৰ আপোন বুলিলে

সেয়ে হব অধিক নালাগে।।