পঞ্চম দিনৰ অধিৱেশন
মই আপোনাসকলক এটি চুটি গল্প কম। এইমাত্ৰ এজন সুবক্তাই কলে যে,—“আহা আমি সকলোৱে যেন পৰস্পৰক নিন্দাবাদ কৰাৰ পৰা আঁতৰি থাকোঁ।” এই কথা আপোনা সকলৰ সকলোৱে শুনিলে। আমাৰ মাজত এনেকুৱা মতভেদ হোৱা দেখি বক্তা মহাশয় বৰ দুঃখিত। মই এটা সাধু-কথা কম, আশাকৰোঁ ইয়াৰ পৰাই এই মতভেদৰ কাৰণ ভালকৈ বুজিব পাৰিব।
কথাটো এইঃ—
এটা নাদত এটা ভেকুলী আছিল। সি বহুদিন ধৰি তাত বাস কৰিছিল। যদিও সি সেই নাদতেই জন্মিছিল আৰু তাতেই ডাঙ্গৰ দীঘল হইছিল, তথাপি তাৰ কায়টো নিচেই সৰু আছিল। অৱশ্যে সেই কামত বৰ্ত্তমান কালৰ কোনো ক্ৰমবিকাশবাদী নাছিল কাৰণে, অন্ধকাৰময় নাদত বাস কৰি ভেকুলীটোৰ দৃষ্টি- নোহোৱা হৈছিল নে নাই, এই বিষয়ে কবলৈ কোনো নাই। কিন্তু মই হলে কথাটোৰ সুবিধাৰ কাৰণে ভেকুলীটোৰ চকু আছিল বুলিয়েই অনুমান কৰিছোঁ। ভেকুলীটোৱে প্ৰত্যেক দিনে অতি উৎসাহেৰে নাদত থকা পোকবিলাক ধৰি খাই নাদৰ পানী পৰিষ্কাৰ কৰি থয়। এনে উৎসাহেৰে সি সেই পোকবিলাক [ ১২ ] ধৰি খায় যে, সেই উৎসাহ দেখিলে বৰ্তমান কালৰ কীটাণুতত্ত্ব- লিপ্সু-পণ্ডিতসকলৰ চহি বহুত পাচত পৰে। এইদৰে ক্ৰমান্বয়ে সি অলপ শকত হ’ল। এদিন দৈবাৎ সাগৰত থকা ভেকুলী এটা সেই নাদতে পৰিলহি। নাদত থকা ভেকুলীটোৱে সুধিলে “তুমি ক’ৰ পৰা আহিছা?” সি উত্তৰ দিলে—“মই সমুদ্ৰৰ পৰা আহিছোঁ।” “সমুদ্ৰ? সেইখন কিমান ডাঙ্গৰ? সাগৰখন মোৰ নাদটোৰ সমান ডাঙ্গৰ নে? এই কথা কৈয়ে নাদৰ ভেকুলীটোৱে নাদৰ এচুকৰ পৰা আন এচুকলৈ জাপমাৰি দিলে।
তেতিয়া সাগৰৰ ভেকুলীটোৱে কলে,—“হেৰা ককাই! তুমি এই অকণমান নাদটোৰ সৈতে সাগৰৰ তুলনা কেনেকৈ কৰিছা?” এই কথা শুনি নাদৰ ভেকুলীটোৱে আৰু এটা জাপ মাৰি সুধিলে “তোমাৰ সাগৰখন ইমান ডাঙ্গৰ নে?” তেতিয়া সাগৰত থকা ভেকুলীটোৱে কলে,—“সাগৰৰ সৈতে নাদৰ তুলনা কৰি তুমি মূৰ্খৰ নিচিনাকৈ কি প্ৰলাপ বকিছা?”
এই কথা শুনি নাদৰ ভেকুলীটোৱে কলে—“মোৰ নাদটোৰ সমান একোৱেই ডাঙ্গৰ হব নোৱাৰে—-ইয়াতকৈ একোৱেই ডাঙ্গৰ হব নোৱাৰে-ই এটা বৰ মিছলীয়া জন্তু। ইয়াক ইয়াৰ পৰা কোনে পাৰে উলিয়াই খেদি দে।”
হে ভ্ৰাতৃসকল! এনেকুৱা সংকীৰ্ণ ভাৱেই আমাৰ মত ভেদৰ মূল কাৰণ। মই এজন হিন্দু-মই মোৰ নিজৰ ক্ষুদ্ৰ কূপত সোমাই তাকে সমগ্ৰ জগত বুলি ভাবিছোঁ, হে আমেৰিকাবাসী সকল! আপোনাসকলে যে আমাৰ এই ক্ষুদ্ৰ জগতবোৰৰ বেঢ় [ ১৩ ] ভাঙ্গিবলৈ বিশেষ যত্নশীল হৈছে, সেই কাৰণে মই আপোনা- সকলক ধন্যবাদ জনাইছোঁ। আশাকৰোঁ পৰমেশ্বৰে ভবিষ্যতত আপোনাসকলৰ এই মহৎ উদ্দেশ্য সম্পাদনত অশেষ সহায় কৰে যেন।