মই আপোনাসকলক এটি চুটি গল্প কম। এইমাত্ৰ এজন সুবক্তাই কলে যে,—“আহা আমি সকলোৱে যেন পৰস্পৰক নিন্দাবাদ কৰাৰ পৰা আঁতৰি থাকোঁ।” এই কথা আপোনা সকলৰ সকলোৱে শুনিলে। আমাৰ মাজত এনেকুৱা মতভেদ হোৱা দেখি বক্তা মহাশয় বৰ দুঃখিত। মই এটা সাধু-কথা কম, আশাকৰোঁ ইয়াৰ পৰাই এই মতভেদৰ কাৰণ ভালকৈ বুজিব পাৰিব।
কথাটো এইঃ—
এটা নাদত এটা ভেকুলী আছিল। সি বহুদিন ধৰি তাত বাস কৰিছিল। যদিও সি সেই নাদতেই জন্মিছিল আৰু তাতেই ডাঙ্গৰ দীঘল হইছিল, তথাপি তাৰ কায়টো নিচেই সৰু আছিল। অৱশ্যে সেই কামত বৰ্ত্তমান কালৰ কোনো ক্ৰমবিকাশবাদী নাছিল কাৰণে, অন্ধকাৰময় নাদত বাস কৰি ভেকুলীটোৰ দৃষ্টি- নোহোৱা হৈছিল নে নাই, এই বিষয়ে কবলৈ কোনো নাই। কিন্তু মই হলে কথাটোৰ সুবিধাৰ কাৰণে ভেকুলীটোৰ চকু আছিল বুলিয়েই অনুমান কৰিছোঁ। ভেকুলীটোৱে প্ৰত্যেক দিনে অতি উৎসাহেৰে নাদত থকা পোকবিলাক ধৰি খাই নাদৰ পানী পৰিষ্কাৰ কৰি থয়। এনে উৎসাহেৰে সি সেই পোকবিলাক