পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬)

ধৰি খায় যে, সেই উৎসাহ দেখিলে বৰ্তমান কালৰ কীটাণুতত্ত্ব- লিপ্সু-পণ্ডিতসকলৰ চহি বহুত পাচত পৰে। এইদৰে ক্ৰমান্বয়ে সি অলপ শকত হ’ল। এদিন দৈবাৎ সাগৰত থকা ভেকুলী এটা সেই নাদতে পৰিলহি। নাদত থকা ভেকুলীটোৱে সুধিলে “তুমি ক’ৰ পৰা আহিছা?” সি উত্তৰ দিলে—“মই সমুদ্ৰৰ পৰা আহিছোঁ।” “সমুদ্ৰ? সেইখন কিমান ডাঙ্গৰ? সাগৰখন মোৰ নাদটোৰ সমান ডাঙ্গৰ নে? এই কথা কৈয়ে নাদৰ ভেকুলীটোৱে নাদৰ এচুকৰ পৰা আন এচুকলৈ জাপমাৰি দিলে।

 তেতিয়া সাগৰৰ ভেকুলীটোৱে কলে,—“হেৰা ককাই! তুমি এই অকণমান নাদটোৰ সৈতে সাগৰৰ তুলনা কেনেকৈ কৰিছা?” এই কথা শুনি নাদৰ ভেকুলীটোৱে আৰু এটা জাপ মাৰি সুধিলে “তোমাৰ সাগৰখন ইমান ডাঙ্গৰ নে?” তেতিয়া সাগৰত থকা ভেকুলীটোৱে কলে,—“সাগৰৰ সৈতে নাদৰ তুলনা কৰি তুমি মূৰ্খৰ নিচিনাকৈ কি প্ৰলাপ বকিছা?”

 এই কথা শুনি নাদৰ ভেকুলীটোৱে কলে—“মোৰ নাদটোৰ সমান একোৱেই ডাঙ্গৰ হব নোৱাৰে—-ইয়াতকৈ একোৱেই ডাঙ্গৰ হব নোৱাৰে-ই এটা বৰ মিছলীয়া জন্তু। ইয়াক ইয়াৰ পৰা কোনে পাৰে উলিয়াই খেদি দে।”

 হে ভ্ৰাতৃসকল! এনেকুৱা সংকীৰ্ণ ভাৱেই আমাৰ মত ভেদৰ মূল কাৰণ। মই এজন হিন্দু-মই মোৰ নিজৰ ক্ষুদ্ৰ কূপত সোমাই তাকে সমগ্ৰ জগত বুলি ভাবিছোঁ, হে আমেৰিকাবাসী সকল! আপোনাসকলে যে আমাৰ এই ক্ষুদ্ৰ জগতবোৰৰ বেঢ়