দয়াৰ ঠাকুৰ হৰি যদুমণি ঐ ৰাম
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। দয়াৰ ঠাকুৰ হৰি যদুমণি ঐ ৰাম।
অধমে তোমাৰ নাম ডাকে।।
কৃপা কৰা নাৰায়ণ আমাৰ চঞ্চল মন।
তোমাৰ চৰণে যেন থাকে।।
পদ।। এক বিপ্ৰ অজামিল মন্দমতি পাপশীল
পুত্ৰভাৱে সুমৰি তোমাৰে।
কৰ্মবন্ধ কৰি নাশ বৈকুণ্ঠে পাইলেক বাস
ইটো আতি বিদিত সংসাৰে।।
তাতো কোটি কোটি গুণ পাপমতি নিদাৰুণ
তোমাৰ নামত কৈলোঁ আশা।
পৰম পতিত আমি পতিত-পাৱন তুমি
ই জানিয়া কৰিলোঁ ভৰসা।।
ধন্য ধন্য কলি কাল ধন্য নৰতনু ভাল
ধন্য ধন্য ভাৰতবৰিষে।
তাপ-জপ-যজ্ঞ তেজি তোমাৰ চৰণে ভজি
তুৱা নাম ঘূষিবো হৰিষে।।
সকল নিগমে কয় অতয়ে তোমাক পায়
আক ভালে জানি নাৰায়ণে।
মাধৱ মূৰুখমতি সত্যে সত্যে যদুপতি
তুৱা পাৱে পশিলোঁ শৰণে।।