তোমাৰ বিনোদ হৰি জানিবো কমনে
।। ৰাগঃ তুৰ-বসন্ত।। তালঃ পৰি।।
ধ্ৰুং।। তোমাৰ বিনোদ হৰি জানিবো কমনে।
বৈকুণ্ঠ তেজিয়া কেলি কৰা বৃন্দবনে।।
পদ।। সদাই ৰমন যাৰ নিজানন্দ সুখে।
সো হৰি বিৰিন্দাবনে ফুৰা কোন দুখে।।
ব্ৰহ্মা হৰে সেৱে যাৰ চৰণৰ ৰেণু।
কোন সুখে তুমি প্ৰভু চাৰি ফুৰা ধেনু।।
যে তুমি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পতি।
কোন লাভে লৈলা গোপশিশুৰ সংগতি।।
সৃষ্টি স্থিতি প্ৰলয় কটাক্ষে মিলে যাৰ।
ই কোন বড়াই তুমি হৰা ভূমিভাৰ।।
তপ জপ যাগ যোগে যি গতি নপাৱে।
সি গতি লভিল সুখে কাম দ্বেষভাৱে।।
কৃপাৰ সাগৰ প্ৰভু তুমি হৃষীকেশ।
মাগয় মাধৱ তুৱা পাৱে কৃপা লেশ।।