দেখত নাগৰ নট বিলাসীয়া
।। ৰাগঃ মাহুৰ।। তালঃ পৰি।।
ধ্ৰুং।। দেখত নাগৰ নাট বিলাসীয়া
বালক মহ কানু সাজতৰি।
ভুবন সুন্দৰ বৰ শ্যাম মনোহৰ
চান্দ কোটি জিনি ৰাজতৰি।।
পদ।। ৰতন ভূষণে চাৰু অঙ্গ বিভূষিত
চৰণে মঞ্জীৰ মণি ৰাজতৰি।
ভ্ৰূৱ সুৱলিত চাৰু বঙ্গিম লোচন
পেখি মদন কোটি লাজতৰি।।
ঈষত মধুৰ হাসি বাঁশী বিনোদিত
মোদিত পঞ্চম গাৱতৰি।
নন্দকুমাৰ চৰণ যুগ ৰাজীৱ
মাধৱ মন ৰহু ভৱ-তৰি।।