দন্দুৱা দ্ৰোহ/একত্ৰিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১৩২ ]

একত্ৰিংশ অধ্যায়
বিবাহ।

 পদ্মকুমাৰীৰ মহীৰামে সৈতে বিবাহ হব, এই বাতৰি শুনি আজি ইমান দিনে মহীৰামৰ বুজ-বাতৰি নোলোৱা বৰ বাপেক ধনৰীয়া চৌধাৰী হৰদত্তৰ ঘৰলৈ আহি হৰদত্তক জনালে, যে মহীৰাম যদিও মাউৰা, তথাপি তাৰ বঙহে পৰিয়ালে জুৰি আছে। তদুপৰিও সি এঘৰৰ এটা লৰা। এনেস্থলত মহীৰামক তেওঁলোকে ধনৰালৈ নি তাতে তাৰ হতুৱাই নও পুৰুষৰ শ্ৰাদ্ধাদি কৰাই নোৱাব ধুৱাব আৰু তাৰে পৰা সাজি-কাচি আহি মহীৰামে বিবাহ কৰাব। যদিও হৰদত্তৰ গৃহিণী ভিতৰি এই প্ৰস্তাৱত মান্তি নহল, তথাপি ৰাইজে বেয়া বুলিব, এই ভয় দেখুৱাই হৰদত্ত আৰু তেওঁৰ ভায়েক বীৰদত্তই বুজোৱাত বৰুৱাণী মান্তি হল। কিন্তু বৰুৱাণীয়ে জিদ কৰি বহিল যে তেওঁ ছোৱালী ধনৰালৈ নপঠিয়ায়। ঘৰ গচকাবলৈ মহীৰামৰতো নিজৰ ঘৰেই নাই। এনেস্থলত পৰৰ ঘৰ গছকাবলৈ তেওঁ জীয়েকক এৰি [ ১৩৩ ] নিদিয়ে। হৰদত্তে “বাৰু! তেতিয়া যি হয় কৰিবা; এতিয়া মহীৰামক যাবলৈ দিয়া” এই কথা কোৱাত বৰুৱাণীয়ে মহীৰামক ওচৰলৈ মাতি নি কলে :—“বাপা মহীৰাম। মোৰ প্ৰাণৰ পুতলা এই একেজনী মোৰ জীয়াৰি, তাকে তালৈ বিবাহ দিম; কিন্তু বাপা তই মোক শপত কাঢ়ি কব লাগে যে বিয়া কৰাই উঠি তই সদায় আমাৰ লগতে থাকিবি আমাৰ ঘৰ দুৱাৰেই তোৰ ঘৰ দুৱাৰ হব। আমাৰ অভাল ভালে তয়ে আমাৰ পিণ্ড দিবি। ইয়াকে যদি তই কৰিম বুলি কওৱ, তেন্তে তই সদ্যহতে ধনৰালৈ যা। তাৰে পৰা আহি বিয়া কৰাবি; কিন্তু বিয়া কৰায়ে আমাৰ ঘৰতে ৰই যাব লাগিব। ছোৱালীক ঘৰ গছকাবলৈ বুলি হলে নিব নোৱাৰ”। বৰুৱাণীৰ এই কথাত মহীৰামে সেৱা কৰি কলে :— আই! আপুনিয়েই এই হতভগীয়াক সৰুৰে পৰা খুৱাই-ধুৱাই ডাঙ্গৰ কৰিছে আৰু, এতিয়াই মই যাক ভাল পাওঁ, তেওঁক দেউতাই সৈতে মোৰ হঁকে, হাই কাজীয়া কৰিও মোকে দিব খুজিছে; এনেস্থলত মই আপোনাৰ কথাৰ বিৰুদ্ধ কাম ইটো জনমত নকৰোঁ বুলি শপত কৰিলোঁ —আপুনি যিহকে ভাল পায় তাকে কৰিম”। মহীৰামৰ এই কৃপাত বৰুৱাণীয়ে মহীৰামৰ মূৰত ধৰি আশীৰ্ব্বাদ কৰি শিৰ চুম্বন কৰি বিদায় দিলে। মহীৰামে বৰ বাপেকৰ লগত ধনৰালৈ গল। তাত লঘোন ভোক খাটি [ ১৩৪ ] বৰ বাপেকৰ ঘৰত ন পুৰুষৰ শ্ৰাদ্ধ কৰিলে। বৰ মাক, জেঠায়েক, মাহীয়েক, গাওঁ কুচুলীয়া গাভৰু সকলৰ নোৱন ধোৱন খাই, পিন্ধি উৰি বৰ সাজি লগত অসংখ্য মতা মাইকী ৰাইজ আৰু কামৰূপৰ সেই কালতো প্ৰসিদ্ধ বৰ্ণিবিৰীয়া ঢুলীয়া আৰু দুই তিনি যোৰা গায়নে-বায়নে সৈতে উপযুক্ত সময়ত জিকেৰি পালেহি। অৱশ্যে এই বিবাহত যি খৰচ হৈছিল, সমস্ত তেওৰ বৰ বাপেক আৰু ধনৰায়া ৰাইজে অকাতৰে দিছিল।
 দেশ দস্তুৰ মতে জিকেৰীয়া ডেকাসকলে ধনৰীয়া বৰ-যাত্ৰীসকলক বাটতে হেঙ্গাৰ ধৰিলে। উত্তৰ কামৰূপীয়া প্ৰজাৰ এক প্ৰকাৰ ৰজা হৰদত্তৰ জীয়াৰী পদুম কুমাৰীক বিয়া কৰাবলৈ অহা দেখি জিকেৰীয়া সকলে সেই হেঙ্গাৰত উচিত মতে তামোল পান, গুড় গাখীৰ আৰু ৰাইজৰ অৰিহনাৰ বাবে ৰূপ পাঁচ টকা লই হেঙ্গাৰ এৰি দিলে। এই হেঙ্গাৰতে দুয়ো পক্ষৰ অলপ মনোবাদো হইছিল। জিকেৰীয়াই বুজাইছিল যে তেওঁবিলাকহে বলী আৰু মাতব্বৰ। ধনৰীয়াইও বুজাইছিল যে তেওঁলোকো সিমান নিঃকিন নহয়।
 বাটচৰাত দৰা আদৰোতেও সেইদৰে এফেৰা গোলমাল হইছিল। চাউল চটিওৱা বাবে মাইকীয়ে মাইকীয়ে এফেৰা কাজিয়াও হইছিল। দৰা থিয় দিয়া পীড়া খনৰ বাবেও এফেৰা টনা-আজোৰা হইছিল। যি কি নহওক, এইবিলাক [ ১৩৫ ] সচৰাচৰ হই থকা ঘটনাৰ পিছত দৰা গাই হোম খলিত বহিল। ইফালে প্ৰকাণ্ড ৰভাৰ তলত এফালে গায়নবায়নৰ নটুৱাৰ নাচ হল। আনফালে বৰ্ণিবৰীয়া ঢুলীয়াহঁতে ভাও উলিয়াইছিল। সেই ঢুলীয়াৰ ভাওত ঢুলীয়াহঁতে গাইছিল—

ই বোলে মাইছানা    সি বোলে মাইছানা

মইছানা তিয়ঁহৰ জালি
আজি কালি কৰি    মাইছানা ডাঙ্গৰ হল

দুৱাৰে নোসোমায় গাৰি”।

যথা সময়ত হোম, সম্প্ৰদান আদি হই বিয়া সমাপ্ত হল। ভালেমান দিনৰ পিছত পৰম্পৰে পৰম্পৰক চিৰ জীৱনলৈ লভি পদ্ম আৰু মহীৰাম পৰম সুখী হল। বৰযাত্ৰী সকলে হেনো এই বিবাহত এফেৰা অপমান পাইছিল। হৰদত্ত বৰুৱাৰ ফালৰ সকলে হেনো অহঙ্কাৰতে তেওঁবিলাকক ভালকৈ সোধ-পোচ কৰা নাছিল।
 বিয়া ভঙ্গাৰ পিছত কইনা ঘৰে বৰ কন্যাক লই দেশ দস্তুৰ মতে স্ত্ৰী আচাৰাদি কৰা হলত বৰ পক্ষৰ কৰ্ত্তা মহীৰামৰ বৰ বাপেক আৰু ধনৰীয়া প্ৰজা সকলে কন্যাক দৰাৰ ঘৰ গছকাবলৈ নিব লাগে বুলি জনালে! হৰদত্তৰ গৃহিণীয়ে ভিতৰৰে পৰা সমিধান দি পঠিয়ালে যে তেওঁ জীয়েকক ধনৰালৈ নপঠিয়ায় জী-জোঁৱাই হালকে ঘৰতে ৰাখিব আৰু ধনৰাত যিস্থলত মহীৰামৰ নিজৰ ঘৰ নাই [ ১৩৬ ] তেনে স্থলত কাৰ ঘৰলৈ নো জীয়েকক পঠাব। তেওঁ এই কথাত ধনৰীয়া চৌধাৰীয়ে জনাই পঠিয়ালে যে “কিয়, তেওঁৰ ঘৰেই জানো মহীৰামৰ ঘৰ নহয়! বৰুৱানীয়ে কই পঠিয়ালে যে তেওঁৰ ঘৰেই মহীৰামৰ ঘৰ হোৱা হলে মহীৰাম সৰুৰে পৰা তাতেহে ডাঙৰ দীঘল হব লাগিছিল। তাৰ শৈশৱ কালত কেৱে যেতিয়া তাৰ গৰাকী নোলাল, এতিয়া কিশোৰতনো তাৰ কোন গৰাকী ওলাল? এতেকে ধনৰীয়া সকলে মহীৰামক এৰিয়েই বিদায় হই যাওক। ” বৰুৱানীৰ এনেকুৱা স্পষ্ট জবাবত ধনৰীয়া চৌধাৰীয়ে মৰণান্তিক বেজাৰ পালে। মহীৰামক হৰদত্তৰ ঘৰতে এৰি সুদা দোলা দুখান লই ধনৰীয়া সকলে উলটি গল। ধনৰীয়া চৌধাৰীৰ মনত হৰদত্ত বৰুৱা এক প্ৰকাৰ বৈৰী হল।
 আৰু পাঠক! বিয়াৰ পিছত মহীৰাম আৰু পদুমক লই গাৱঁৰ মাইকীবিলাকে স্ত্ৰী-আচাৰৰ যিবিলাক ৰঙ ধেমালি কৰিছিল আৰু মহীৰাম পদুমে বিবাহৰ পিছত কি কথা বতৰা হইছিল, সেইবিলাক আমি কব নোৱাৰোঁ, যিহেতু সেইবিলাক ঠাইলৈ আমাৰ প্ৰবেশ নিষেধ আছিল। আপোনাসকলেই অনুমান কৰি লওক। আমি উপন্যাস কাৰকে মাথোন ইয়াকে কব পাৰোঁ, যে যি ক্ষেত্ৰত বৰ কন্যাৰ আগৰে পৰা প্ৰীতি থাকে, সেই ক্ষেত্ৰত উভয়ে- উভয়ক বিবাহ-সূত্ৰত আৱদ্ধ হই চিৰলগৰীয়া পালে যে কি স্বৰ্গীয় সুখ হয়, তাক জানোতাইহে জানে।