তিৰুতাৰ আত্মদান কাব্য/উৎসৰ্গা
কবিতা—বনত বহি
তুলি কবিতাৰ ফুল,
কাব্য-ৰূপী সূতে গাঁথি
মালা ধাৰি যত্ন কই,
ভৰাই ভক্তিৰ জালি
অতি হাবিয়াস কৰি
আনিছো ই মালা ধাৰি
তোমাকেই দিবলই॥
২
দুহাতে চকুলে মুছি
চৰণত দিলো আজি—
“তলসৰা ফুল" পুনু।
কৰিলো অৰ্পণ।
সৰ্ব্বদোষ ক্ষমা কৰি
আপোন পুত্ৰৰ বুলি
সমাদৰে মালাধাৰী
কৰিবা গ্ৰহণ॥
৩
যদিহে কেনেবা কৰি
তিতিছে ই মালাধাৰি
পুতেৰাৰ চকুলোৰে
—(অবোধ সন্তান)—
নধৰিবা তাত দোষ।
কৃপা কৰি দিবা বোধ,
সজ বুদ্ধি সজ শিক্ষা
সজ তত্ত্ব জ্ঞান॥
৪
অবোধ ই পুত্ৰ তযু
নাইশিক্ষা নাই জ্ঞান,
সংসাৰ "পৰীক্ষা-ঠাই"
পৰি "পৰীক্ষাত"
ব্যাকুল হইছে মন
কান্দিছে পৰাণ তাৰ,
দুচকুত চকুপাণি,
থৰ নাই গাত॥
৫
দেৱতা এতিয়া তুমি,
কৰাঁ, দেৱ! আশীৰ্ব্বাদ
তযু আশীৰ্ব্বাদ—বলে
“মহা পৰীক্ষাত”
হওঁহে উত্তীৰ্ণ যেন
অনায়াসে বিনাক্লেশে,
তযু চৰণত, দেৱ!
কৰো প্ৰণিপাত॥
৬
জীৱনৰ বাকী খিনি
মাতৃ-ভাষা সেৱা কৰি।
এটি দুটি কৰি ফুল
মাতৃৰ পাৱত
দিওঁতে দিওঁতে যেন
"মা সৰ্বমঙ্গলা!" বুলি।
সৰু মইনাই লভে
শান্তি অন্তিমত॥
ইতি। ১লা আাহিন ১৯১৩।
ভদৰি বৰবৰুৱা আলি। যোৰহাট |