জ্ঞান-মালা/অহঙ্কাৰী হোৱা উচিত নহয়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জ্ঞান-মালা
লেখক হেমপ্ৰভা দাস

[  ]

অহঙ্কাৰী হোৱা উচিত নহয়।

 কোনো হাবিত এক সিংহই নিজানত সুখেৰে শুই আছিল। এনেতে শত্ৰুৰ খেদাত তত নেপাই এটা নিগনিয়ে তাৰ গাৰ ওপৰেদি পলাব ধৰোঁতে সি সাৰ পাই তাক খামুচি ধৰিলে। টোপনিৰ পৰা জগোৱাৰ খঙ্গত সিংহই তাৰ প্ৰাণবধ কৰিবলৈ ওলালত নিগনিটোৱে কাবৌ কৰি এই দৰে কব ধৰিলে “হে পশুৰাজ আপোনাৰ নামেই আপোনাৰ স্বভাবৰ চিনাকি দিছে। এতেকে মোৰ নিচিনা ক্ষুদ্ৰ প্ৰাণী এটা বধ কৰি আপোনাৰ নাম কলঙ্কিত নকৰিব। যদি আপুনি দয়া কৰি [  ] মােৰ প্ৰাণৰক্ষা কৰে এই উপকাৰ সুৱঁৰি সময়ত মই ইয়াৰ সুজনি দিম।”

 সিংহই তাৰ ক্ষুদ্ৰ শক্তি আৰু ঢুকি নােপােৱা আশাৰ কথা ভাবি বিদ্ৰূপৰ হাঁহি হাঁহি দয়া কৰি তাক এৰি দিলে।

জ্ঞান-মালা (page 14 crop).jpg

 কিন্তু কাৰোৰ দিন সমানে নেয়ায়; প্রবল প্রতাপী চন্দ্র সূৰ্য্যৰো উদয় অস্ত আছে। কালৰ গতিত এই ঘটনাৰ অলপ দিনৰ পাচতে সেই সিংহটোয়ে কোনাে চিকাৰীৰ জালত পৰিল। তাৰ গৰ্জ্জনীয়ে গােটই বন খলক লগােৱাত সেই ক্ষুদ্র শক্তিৰ নিগনিটোৱে তাৰ মাত চিনিব পাৰি লৱৰি আহি চোকা দাতেৰে জাল কুটি বান্ধ সােলােকাই তাৰ প্রাণদাতাক বিপদৰ পৰা মুক্ত কৰি দিলে। [  ]
 এই ঘটনাৰ পৰা আমি ইয়াকে শিক্ষা পাওঁ যে সংসাৰত কোনো বস্তুকে সরু বুলি ঘিণাব নেপায়। কোন ঘটনাত কেতিয়া আমি কাৰ ওচৰত সহায় খুজিব লগীয়াত পৰে। আমাৰ ক্ষুদ্ৰ শক্তিৰে তাক বুজি উঠা টান।

 যিবিলাক গছ লতা সামান্য ভাবি আমাৰ চকুতে নপৰে আৰু নিতে ভৰিৰে গচকি যাওঁ সময়ত ঔষধৰূপে সেই বিলাকেও আমাৰ প্ৰাণৰক্ষা কৰে। ইয়াকে জানি জ্ঞানী বিলাকে বৰ ধনী ও ক্ষমতাৱন্ত হলেও কেতিয়াও অহঙ্কাৰী নহয়।