জ্ঞান-মালা/নিগনি পোৱালি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জ্ঞান-মালা
লেখক হেমপ্ৰভা দাস
[  ]

জ্ঞান-মালা।

নিগনি পোৱালি।

 এটা সৰু নিগনি পোৱালিয়ে এজন গৃহস্থৰ এখন চিৰা, পিঠা, মিঠৈৰ লাড়ু আদি থকা চাঙ্গৰ ওপৰত থকা ঠাই কৰিছিল। তাৰ নিচিনাকৈ আৰু কোনো নিগনি পোৱালিয়ে পেট ভৰাই ভাল ভাল বস্তু খাবলৈ পোৱা নাছিল। সেই পৰিয়ালৰ মানুহ বিলাকে খাবলৈ বহিলে সি সাহ কৰি মুখ উলিয়াই চাই থাকে, আৰু কেতিয়াবা মনে মনে ওচৰলৈ গৈ তেওঁবিলাকৰ ওচৰত পৰি থকা খোৱা বস্তু লৈ লৰ মাৰে। মাজে মাজে মেকুৰিটোৰপৰা ভয় নোপোৱা হলে তাৰ নিচিনা সুখী আৰু কোনো নহল হেতেন। যেতিয়া মেকুৰিটোক দেখা পায়, সি কপি কপি ভয়ত নিজৰ গাতলৈ লৱৰ মাৰে।

 এদিন সি বৰ ৰঙ্গ মনেৰে মাকৰ ওচৰলৈ লৱৰি আহি কলে “আই, আই, এই পৰিলায়ৰ মৰমিয়াল মানুহ বিলাকে মোক থাকিবলৈ এটা ঘৰ সাজি দিছে। সেই ঘৰটো মিঠৈৰ লাড়ু, চিৰা থকা চাঙ্গৰ ওপৰত। ঘৰটোৰ [  ] তলখন কাঠৰ আৰু চাৰিওফালে তাৰৰ বেৰা আছে। মই নিশ্চই কৈছোঁ সেই ভয় লগা মেকুৰিটোৰ পৰা মোক ৰক্ষা কৰিবলৈহে সেইটো সাজিছে; কাৰণ তাত খালি মই সোমাব পৰাহে এটা সৰু বাট আছে, সেই বাটে দি মেকুৰিটো সোমোৱা অসম্ভব। আৰু জানানে আই, তেওঁবিলাক এনে ভাল যে তাত এটা মালভোগ কল থৈ দিছে। সেই কলটোৰ পৰা এনে সুন্দৰ মল্‌মলীয়া গোন্ধ ওলাব ধৰিছে যে মই তেতিয়াই তাৰ ভিতৰত সোমাই থাকিলোঁ হেতেন, কিন্তু তোমাক নোসোধাকৈ সোমোৱা বেয়া ভাবি হে তোমাৰ ওচৰলৈ লৱৰি আহিছোঁ সেই ঘৰটোত দুইও থাকিবলৈ আঁটিব। বলা আই আজি ৰাতিটো আমি তাতে থাকোঁ গৈ।

 পুতেকে যেন বৰ বিপদৰ পৰাহে সাৰিলে এনে ভাৱে মাকে তাক বুকত সুমাই কলে, “বাছা, সেই ঘৰটোত সোমোৱাৰ আগেয়ে যে মোক সোধা উচিত, এনে সুবুদ্ধি তোমাৰ মনলৈ অহাৰ বাবে দয়াময় ঈশ্বৰক ময় হাজাৰ হাজাৰ সেৱা কৰিছোঁ সেই ঘৰটোৰ নাম ফান্দ। তাৰ ভিতৰলৈ এবাৰ সোমোৱা হলে আৰু ওলাব নোৱাৰিলা হেতেন। তোমাক তাৰ পৰাধৰি বাহিৰলৈ উলিয়াই হয় মেকুৰিৰ হতুৱাই খুৱালে হেতেন, [  ] নহলে আন উপায়েৰে তোমাৰ প্ৰাণবধ কৰিলে হেতেন। যদিও মানুহক দেখোঁতে মেকুৰিৰ দৰে তিমান ভয় লগা নহয় তথাপি সিহতঁ মেকুৰিৰ নিচিনাই আমাৰ শত্ৰু।”

 এই সাধুটোৰ পৰা আমি ইয়াকে শিক্ষা পাওঁ যে জ্ঞানী মানুহৰ পৰামৰ্শ নোলোৱাকৈ কোনো কাম কৰা উচিত নহয়। তেওঁ বিলাকৰ অবাধ্য হই কোনো কাম কৰিলে শেষত আমি ঠেকত পৰিব লাগে।