এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালা।
নিগনি পোৱালি।
এটা সৰু নিগনি পোৱালিয়ে এজন গৃহস্থৰ এখন চিৰা, পিঠা, মিঠৈৰ লাড়ু আদি থকা চাঙ্গৰ ওপৰত থকা ঠাই কৰিছিল। তাৰ নিচিনাকৈ আৰু কোনো নিগনি পোৱালিয়ে পেট ভৰাই ভাল ভাল বস্তু খাবলৈ পোৱা নাছিল। সেই পৰিয়ালৰ মানুহ বিলাকে খাবলৈ বহিলে সি সাহ কৰি মুখ উলিয়াই চাই থাকে, আৰু কেতিয়াবা মনে মনে ওচৰলৈ গৈ তেওঁবিলাকৰ ওচৰত পৰি থকা খোৱা বস্তু লৈ লৰ মাৰে। মাজে মাজে মেকুৰিটোৰপৰা ভয় নোপোৱা হলে তাৰ নিচিনা সুখী আৰু কোনো নহল হেতেন। যেতিয়া মেকুৰিটোক দেখা পায়, সি কপি কপি ভয়ত নিজৰ গাতলৈ লৱৰ মাৰে।
এদিন সি বৰ ৰঙ্গ মনেৰে মাকৰ ওচৰলৈ লৱৰি আহি কলে “আই, আই, এই পৰিলায়ৰ মৰমিয়াল মানুহ বিলাকে মোক থাকিবলৈ এটা ঘৰ সাজি দিছে। সেই ঘৰটো মিঠৈৰ লাড়ু, চিৰা থকা চাঙ্গৰ ওপৰত। ঘৰটোৰ