জগৰা মণ্ডলৰ প্ৰেমাভিনয়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জগৰা মণ্ডলৰ প্ৰেমাভিনয়
লেখক লক্ষ্মীনাথ বেজবৰুৱা
লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্প


     মাজতে চাওখাট মৌজাৰ মণ্ডল জগৰাৰ এটা বৰ বিপদ গ’ল। কুগ্ৰহ! কুগ্ৰহ! ভাগ্যে দুপতীয়াতে ডাইল দৰবৰ গুণত তাৰ জইন মাৰিলে, নতুবা বপুৰাক সি জোলোকা-জোলোকে পানী খুৱালেহেঁতেন।

     মণ্ডলে এদিন যোৰহাটৰ পৰা গধূলি উভতি আহি, ঘৰ পাই হাত-ভৰি ধুই, ভাত খাই উঠি, চোতালতে পাটী-ঢৰা এখন পাৰি বহি, ঘৈণীয়েকে ওচৰতে বহি আগত বটাটো লৈ কাটি দিয়া তামোল খনচেৰেকক একেবেলিয়েই এমোকোৰাকৈ মুখত সুমাই, জোনাক আকাশলৈ একেথৰে অলপমান পৰ চাই থাকি মাত লগালে—“শুনিছ নে বোলো নিচলনীৰ মাক, শুনিছ নে, আমাৰ জীৱন সমূলি মিছাতে গ’ল। আমাৰ একোটো নহ’ল!”

জগৰাণী-কিয়নো মিছা গ’ল ?

জগৰা- কি কম নিচলীৰ মাক কি কম আৰু ক’বলৈ বেজাৰ লাগে।

জগৰাণী—কোৱাচোন কোৱা কি হ’ল ?

জগৰা—আজি আমাৰ যোৰহাটৰ ন উকিল সৰুৰাম শৰ্মা ডেকা ডাঙৰীয়াই তেওঁৰ লগৰীয়া ডেকাল’ৰা জনছেৰেকৰে সৈতে গোটখাই বহি, কলিকতাত, ছেপাত মাৰি অহা এখন অসমীয়া কিতাপ বৰকৈ মাতি পঢ়ি থাকোঁতেই মই তাতে ওলালোগৈ। উকিল ডাঙৰীয়াই মোক সৰ্বতিকালে চেহঁ মৰম কৰে, মই গ’লেই মোৰে সৈতে ভালকৈ মাত-কথা কৈ মোক মাতি বুলি বহুৱায়। তেওঁলোকে থুপ-থুপীয়াকৈ বহি মেলপাতি ইমানকৈ মন দি নো কি পঢ়িছে শুনোৱেইচোন বুলি ময়ো তেওঁলোকৰ কাষতে বহিলো। তাৰ পিছতে অলপমান বেলি টলকা মাৰি থাকি লাহেকৈ সুধিলো—ডাঙৰীয়াই নো কি পঢ়িছে, মই মহামুৰ্খকো অলপ তাৰ ভাগ দি গিয়ান দিবনে ? উকিল ডাঙৰীয়াই সমিধান দিলে এইখন আমি নেভেল পঢ়িছোহঁক। মই সুধিলো, ডাঙৰীয়া নেভেল নো আকৌ কাক বোলে ? তাত নো কি লেখিচে, বন্দীয়ে জানিব খুজিছোঁ। উত্তৰ পালো নেভেল এবিধ কিতাপ। এইবিধ কিতাপত প্ৰেমৰ কতা লেখা থাকে। মই সুদিলো ঈশ্বৰ কৃষ্ণৰ ভকতি প্ৰেম নে কি ডাঙৰীয়া > উকিল ডাঙৰীয়াই ক’লে, নহয় এক ডেকা আৰু এক ডেকেৰীৰ প্ৰেম। মই সুধিলো, ঈশ্বৰ কৃষ্ণৰ সৈতে গোপিনীসকলৰ প্ৰেমৰ কথা শুনিলে পুইণ হয়। ডেকাৰে সৈতে ডেকেৰীৰ প্ৰেমৰ কতা লৈ গোচৰ লাগিলে আমাক সাক্ষী দিবলৈহে টনা-আজোৰা কৰিব পাৰে। মোৰ কথা শুনি উকিল ডাঙৰীয়াই মাত লগালে, কিবা বোলেনে মণ্ডল, তুমি কোৱা কথা সঁচা, কিন্তু তেনেকুৱা পুইণ নহ’লেও নেভেলত লেখা প্ৰেম স্বৰ্গৰ প্ৰেম, শুধ প্ৰেম, তুমি আঙুলিয়াব খোজা ছোৱালী চুৰি মকৰ্দমাৰ প্ৰেম নহয়। মই কলো “ডাঙৰীয়া, দয়া কৰি মোক ভালকৈ বুজাই দিয়কচোন এই প্ৰেম কেনে ?” মোৰ কথা শুনি তেখেতে এবকলা বক্তৃতা দি প্ৰেম কাক কয় মোক বুজাই দিলে। অৱশ্যে মই সেই এটাইবোৰ ভালকৈ বুজিব নোৱাৰিলো; তথাপি তেখেতৰ বাইখা মোৰ শুনি থাকিবলৈ ভাল লাগিছিল আৰু সঁচাকৈ ক’বলৈ গ’লে মই তাৰপৰা গিয়ান পালো অন্তত মই সুধিলো, ডাঙৰীয়া, গিৰিয়েক-ঘৈণীয়েকৰ ভিতৰত প্ৰেম হ’ব নোৱাৰেনে ? তেওঁ ক’লে, কিয় হ’ব নোৱাৰিব ? কৰিলেই হ’ব পাৰিব; বস্তু যিমানেই সোৱাদ হওক, লৰালৰিকৈ একেবাৰেই গিলি পেলালে তাৰ ভালকৈ সোৱাদ পোৱা নাযায়; ছোবাই চুহি লাহে লাহে সোৱাদ লৈ খালেহে তাৰ ভালকৈ সোৱাদ পোৱা যায়। তেওঁৰ কথাষাৰ মোৰ মনত বৰকৈ খাই গ’ল। আমি বিয়া কিলো, ল’ৰা-ছোৱালীৰ বাপেক-মাক হলোহঁক, ঘোঁৰাত উঠি ছুটি মেলাদি মেলিলো, কিন্তু প্ৰেম কি বস্তু তাৰ ভু-ভা ল’বলৈ কতো এখোজ ৰবলৈ নহ’ল। সেইদেখি আমি স্বৰ্গৰ প্ৰেমৰ পৰা বঞ্চিত হলো। গৰু-ম’হেও নাপালে আমিও নাপালো। দেখ নিচলীৰ মাক! মই মনতে ভাবি থিৰ কৰিছো যে আমাৰ জীৱনৰ যিছোৱা এইদৰে গ’ল গ’ল কিন্তু বাকীছোৱা আৰু এইদৰে যাবলৈ নিদিওঁ; প্ৰেম কৰি প্ৰেমৰ সোৱাদ লৈহে তাক পঠিয়াম।“

জগৰাণী—“কিবা বোলেনে উদৰ সাত পুৰুষ মৰি গ’ল কেঁচা মাছ খাওঁতেই, এতিয়া তাৰ মাছ পুৰি খাবৰ বতৰ আহিল। তিনি কাল গ’ল একালৰ আছে, এতিয়া বৰুৱা ফুকন উকিল মনচুপৰ ল’ৰাৰে সৈতে জোৰ মাৰি কিবা প্ৰেম কৰিবলগীয়া হ’ল। নকবা সেইবোৰ দেওহে, সেইবোৰ আমাক নালাগে, আমি এতিয়া প্ৰেমভেম কৰিব নোৱাৰো।“

জগৰা—“নহয় নিচলীৰ মাক, তই বুজিব পৰা নাই, সেইবোৰ আমাক এতিয়া লগা হৈছে। আমি আগেয়ে আছিলো এক, এতিয়া হৈছো এক। চৰ্কাৰৰ ঘৰৰ মণ্ডলৰ বিষয়খন পাবৰে পৰা আমি ডাঙৰৰ শাৰীলৈ উঠিলো। ৰজাঘৰে প্ৰজাঘৰে এতিয়া আমি লেখৰ মানুহ হলো। এতিয়া আমি আগৰ গঢ়-গতি নসলালে নহয়। বধ লাগে নিচলীৰ মাক বিধি-পথালি নকৰিবি; মই তোৰে সৈতে আজিৰ পৰা প্ৰেম কৰিম।”

জগৰাণী—“শপত দিব লাগিছে কেলৈ, কি প্ৰেম কৰিব খুজিচা কৰা, মই কিন্তু সেইবোৰ একো বুজ নাপাওঁ; কি কৰিব লাগে কৈ দিবা, দেখুৱাই দিবা, সেইদৰেই কৰিম। তুমি সন্তোষ পালেই মোৰো সন্তোষ।”

জগৰা—“বেছ কথা, ভাল কথা, সুন্দৰ কথা, চন্দৰ-বন্দনী বিধু-মুখী, সুৱলা কথা। আমি এতিয়াই আৰম্ভ কৰি দিওহঁক আহ; কিয়নো শুভ কাৰ্যত বিলম নকৰাই ভাল।”
এইবুলি জগৰা মণ্ডলে জগৰাণীৰ থুটৰিটোত লাহেকৈ ধৰি জোনৰ ফালে জগৰাণীক ঘূৰাই দি মাত লগালে—এ হে। কোনটি জোন ? এইটি নে সেইটি ?

জগৰাণী—যোৱা দেও হে, চুৱা-চৰুৰ তলি যেন মোৰ মুখৰ বৰণ, তাক পাতিছা জোন! ইমানকৈ ঠেটা কৰিব লাগেছে নো কেলৈ ? গোসাঁয়ে বাৰু যেনেকৈ চলিছে সি তেনেহে হ’ব।

জগৰা—কি ঠেটা কৰিছা; নাই কৰা; কাইব হে কৰিছো। প্ৰেম পোনতে কাইব কৰি ল’ব লাগে।

জগৰাণী—কি কৰি ল’ব লাগে সোনকালে কৰি লোৱা দেওঁহে; মোৰ আখল মছিবলৈ আছে, চুৱা কাঁহী-বাটি ধুবলৈ আছে।

জগৰা—কেনে ফুৰ্ফুৰকৈ জুৰ বতাহ বলিছে, যেন ইন্দ্ৰই সৰগত বহি ৰূপখটোৱা ধোঁৱা-খোৱাত মচলা দিয়া মলা ধপাতৰ হোপাটোহে মাৰি সেই ধোঁৱাবোৰ নাকৰ বিন্ধাইদি লাহে লাহে ফুৰ্ফুৰকৈ আমাৰ ফাললৈ এৰি দিছে। সঁচাকৈ কৈছোঁ, নিচলীৰ মাক চন্দৰ-বন্দনী, এই বতাহ মোৰ গাত লাগি গাটো শাঁত কৰি গৈছে। সখি! তোমাৰ নাকৰ নিশাহটোও তেনে জুৰ; আৰু সি মোৰ গালত লাগিলে মোৰ গাটো জুৰাই যায়।

জগৰাণী—অতদিনৰ মূৰত মই সখী হলো। বঢ়িয়া হৈছে! দিনৌ কথায় কথায় অমুকৰ জীয়েক, তমুকৰ জীয়েক, অমুক খাতী, তমুক খাতী, হতছিৰীহঁতী মাত পাই আচিলো, আজি অমুকা উকিলৰ যহত প্ৰেমত পৰি সখী হলো। মোৰ নাকৰ উশাহ কোনোবা কাচিত্ যাৰ মুখত পৰিলে গালি খাই তত্ এৰিছিলো এতিয়া সি খন্তেকতে ফুৰ্ফুৰীয়া বতাহ হ’ল। এই বাৰে ভচহু কথাখনকে তোমাৰ উকিল ডাঙৰীয়া কাইৰ প্ৰেম বোলেনে ? বলিয়া গছত নালাগে দেওহে, এইদৰেইহে ওলায়।

জগৰা—পিয়া! প্ৰিয়ত্তমা! তুমি এতিয়াও একোকে বুজি নাপালা, লাহে লাহে পাবা; মই পাব লাগিছো। আহা প্ৰেম কি সোৱাদ, কি মউ।

জগৰাণী—মাখি মৌ। আৰু কি ক’ব লাগে সোনকালে কৈ লোৱা, মোৰ পলম হৈ গৈছে। ভালেমান কাম আচে। তুমিতো এতিয়াই গোণা মহে ফোঁচ-ফোচোৱাদি ফোঁচ্-ফোঁচাই শুই থাকিবা, মই ৰাতি দুপৰলৈকে থাকি বন কৰি মৰিব লাগিব।

জগৰ—মই কি শুম ? নোশোওঁ। মই শোৱাপাটীত পৰি তোমাৰ মউ যেন ৰূপ সমাজিকত চুহিম হে।

জগৰাণী—এইখন প্ৰেম নহয় দেওহে, কিবা ঠেটা মস্কৰাহে। প্ৰেম নকৰিলে যদি ডাঙৰ মানুহ হ’ব নোৱাৰি আৰু বৰুৱা ফুকনৰ ল’ৰাৰ শাৰীত চলিব নোৱাৰি, তেন্তে তুমি কাইলৈ গৈ কেনেকৈ প্ৰেম কৰে, উকিল ডাঙৰীয়াক ভালকৈ সুধি শিকি আহা; এইখন অলিয়া-বলিয়া গাই নাথাকিবা।

জগৰা- প্ৰিয়া কি কৈছা ? মই কি বকিছো ? প্ৰেমক কবিয়ে কাইব কৰি প্ৰেমৰ ভাবত বুৰি থাকিলেহে সঁচা প্ৰেম হয় বুলি মোক উকিল ডাঙৰীয়াই ভালকৈ বুজাই কৈছে। প্ৰিয়া তোমাৰ মউ যেন মাতে মোৰ কাণৰ দুইটা বিন্ধা ভৰি গৈছে। মই প্ৰেমৰ গুমগুমনিৰ বাহিৰে আন একো শুনিবলৈ পোৱা নাই আৰু নুশুনো।

জগৰাণী—মই এইখন তোমাৰ ফাকতি বুজিলো, এতিয়া মোক ঠেটা-মস্কৰা কৰি ৰং চাবলৈ তুমি আজি বুধি কৰি আহিছা ? মই একেষাৰে ডাঙৰকৈ মাত মাতিলেই ৰাওৰূঈ গৰুৱাগালী বুলি মোক গালি নপৰাকৈ নথকা মানুহটোৱে আজি মোৰ মাতত মৌ পালে! এনেখন ঠেটা কৰি থাকিব নালাগে, যোৰহাটত গৈ কৰিবাগৈ, ইয়াত নহয়, মই উঠিলো।

জগৰা—নাযাবা প্ৰিয়া নায়াবা। বিৰহৰ অগ্নিয়ে মোক পুৰি মাৰিব, মই সহিব নোৱাৰিম, মোৰ প্ৰাণ যাব। নিচলীৰ মাক চন্দৰ-বন্দনী! মই তোমাৰ শ্ৰীচৰণৰ নিকিনা গোলাম। মোক তোমাৰ ৰঙা চৰণত ঠাই দিয়া।

     এইবুলি জগৰাই জগৰাণীৰ ভৰিত ধৰিব খোজোতেই জগৰাণী একেচাবেই উঠি আঁতৰিল; আৰু গিৰিয়েকৰ গতি দেখি তাই ভাবিলে যে নিশ্চয় গিৰিয়েকে আজি কৰাবত ভাং ধতুৰা খাই আহি এইখন বলিয়ালি কৰিছে। ইয়াতে একলহ পানী আনি, শোধ-পোছ নাই জগৰাৰ মূৰত হুৰ-হুৰ কৰে ঢালি দিলে। জগৰা নিৰ্বাক। শেহত জগৰাই তিতি-বুৰি শিকি একোকে নামাতি গা মছি তিতা চুৰিয়া সলাই পাটীত পৰিলগৈ; আৰু ঘৈণীয়েকে লৰালৰিকৈ এখুৰি তেল-পানী আনি জগৰাৰ মূৰত থপিয়াই দি বিচনীৰে বিচিবলৈ ধৰিলে।
     জগৰাই কিছুমান পৰ শোৱাপাটীত টলকা মাৰি থাকি মাত লগালে—শুনিছনে, নিচলীৰ মাক, মই বলিয়া হোৱা নাই, তই ভয় নাখাবি। যি হ’ল হ’ল, এই কতা তই আৰু কাকো নকবি। মই তোৰে মূৰ খোৱা শপত খাই কৈছো, আজিৰ পৰা এনে কাম নকৰো।
  





(লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ দ্বিতীয় সংকলন, সম্পাদনা আৰু সংকলন-হৃদয়ানন্দ গগৈ, প্ৰকাশক-নগেন শৰ্মা, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১)