চোৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
চোৰ
লেখক লক্ষ্মীনাথ বেজবৰুৱা
লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্প


                                                   প্ৰথম আধ্যা

ইন্দুমতীৰ বৰ নৰীয়া। তিনি মাহ তেওঁ শোৱাপাটীৰ পৰা উঠিব পৰা নাই। আজি নৰীয়া টান। গিৰিয়েক লোকেশ্বৰ বৰুৱা কাষতে বহি ৰাতি পৰ দি আছে। ৰাতি তিন পৰমান হৈছে, ইন্দুমতীয়ে গিৰিয়েকক ঠাৰ দি নিচেই কাষলৈ মাতি আনি ক্ষীণ মাতেৰে কলে,”আজি তিনি মাহ মই শোৱাপাটীত পৰি নৰীয়া গাই কটাইছোঁ। ঘৰেঘৰোৱাহে মানুহক কষ্ট দিছোঁ। আপুনি মোৰ পৰা নথৈ দুখ পাইছে। লোকে তিৰুতাৰ পৰা সুখ পায়। আপুনি মোৰ পৰা সুখ-সম্পদ পাওক ছাৰি এদিন এসাজ ভাত সুখেৰে—“

লোকেশ্বৰ-তোমাক এইবিলাক কথা কবলৈ কোনে মাতিছে? মনে মনে থাকা; কথা কলে নৰীয়া বাঢ়িব।

ইন্দুমতী-নৰীয়া আৰু বাঢ়িবলৈ কি আছে! এতিয়া আৰু মই সিপুৰীলৈ ওলালো। মোৰ দুখৰ অন্ত হ’ল, আপোনাৰো হ’ল।–চন্দ্ৰক মৰম-বেথা কৰিব। আপুনি যদি আকৌ বিয়া কৰায়, (যদি কিয়, বিয়া কৰাবই লাগিব, মোৰ পৰাতো আপোনাৰ সুখ নহ’ল!)মাহীমাকে যেন তাক দুখ নিদিয়ে!

এই কথাষাৰৰ অন্তত ইন্দুমতীয়ে দুচকুৰে দুধাৰ লো বৈ গ’ল, আৰু কথা বন্ধ হ’ল। লোকেশ্বৰ বৰুৱাইও চকুৰ লো টুকিবলৈ ধৰিলে। “কি আকৌ মই বিয়া কৰাম? হে পৰমেশ্বৰ! মই ইমান অধম হৈছোঁ যে এই জনমত ইন্দুক পাহৰি আকৌ এজনী তিৰুতা বিয়া কৰাই আনিম? ঈশ্বৰ! মোক যেন এনে মতি নিদিয়া। মোৰ ইন্দুৰ যদি কোনো কথা হয় তেন্তে এই সংসাৰত মোৰ বাকী কেইটা দিন-ইন্দু! ইন্দু! তেনে কৰিছা কিয়? ইন্দু!”

ইন্দুমত-“কি হৈছে? চন্দ্ৰক মোৰ কাষলৈ এবাৰ আনি দিয়ক, মই চাই লওঁ। অ’-সি শুই আছে হবলা, তুলিলেই কান্দিব, থাওক। শুনক মই আপোনাক কওঁ। আপুনি আকৌ বিয়া কৰাব। আপোনাৰ সুখেই হে মোৰ মনৰ বাঞ্ছা। বিয়া নকৰালে কি জানি আপোনাৰ দুখ হ’ব। মই গলে আপোনাৰ আলপৈচান ধৰিব কোনে? আপোনাৰ সেৱা কৰিব কোনে?”

লোকেশ্বৰ-“ নিশ্চয় নিশ্চয় মোৰ পৰা তেনে কাম নহয়। চন্দ্ৰলৈ মই মাহীমাক নানো। তোমাৰ মৰম-চেনেহ সোপাকে পুৰি নেখালে মই তেনে কাম কৰিম কেনেকৈ? এই পৃথিৱীত মোৰ এবাৰহে বিয়া। ইন্দু! ইন্দু! মোক এবাৰ চকু মেলি চোৱাঁ, ইন্দু! ইন্দু!”

ইন্দুমতী-কি?
লোকেশ্বৰ-চোৱাঁচোন, চকু মেলি চোৱাঁ।
লাহেকৈ চকু মেলি, অতি ক্ষীণ মাতেৰে ইন্দুমতীয়ে ক’লে, “স্বামী-গুৰু আপোনাৰ ভৰিটো মোৰ মূৰত তুলি দিয়ক স্বা-মী-গু-ৰু!”
লোকেশ্বৰ-“ইন্দু!ইন্দু!ইন্দু!ইন্দু!হায়! মোৰ ইন্দুক হাততে হেৰুৱালো হবলা! ইন্দু!ইন্দু!ইন্দু!”
বন্তি নুমাল।

                                                দ্বিতীয় আধ্যা

চক্ৰধৰ ফুকন শিৱসাগৰৰ এজন ডাঙৰ লোক; কাছাৰীৰ আমোলা। তেওঁৰ “আমোলাপটিত” ঘৰ; এগোহালি গৰু, এভঁড়াল ধান, এবাৰী তামোল-পাণ, এবাৰী বাঁহ, এপুখুৰী পানী আৰু সৰুৱে-বৰে বাৰটা ঘৰ। অৱশ্যে বতাহত তিনিটা ঘৰৰ মুধচ, আজি এবছৰ হ’ল উৰি গৈছে; দুটাৰ ছালেদি চৰগ দেখি; পাঁচোটাৰ বেৰ মেৰামতৰ অপেক্ষাৰত আছে; এটাৰ বেৰ ঢকুৱাৰ তাপলি পাইছে; আৰু এটাই পিৰালিৰ পৰা চুৱাপাতনি বটা পাইছে। কিন্তু আমি ফুকনৰ ঘৰৰ সেইবোৰ দোষ গুণত আজি চকু দিবলৈ অহা নাই। কাৰণ, সেইবিলাকত চকু দিবলৈ গলে তাৰ লগৰীয়া এইবিলাকতও আমাৰ চকু পৰিব; যথাঃ-তেওঁৰ ধানৰ মৰণা চ’ৰা-ঘৰৰ চোতালত বা ভিতৰত ম’ৰা হয়; আদগোহালি গৰু চৰা-ঘৰৰ ভিতৰত বন্ধা হয়; ভাত খোৱা মজিয়াত কেছু-মটা, বুলনি-ঘৰত কাঠ-ফুলা, পানীপোতাত নেগুৰীয়া পোক, নাওৰাত জেলুকীয়া কেচু আৰু বাৰীৰ আগফালে পাচফালে কচু-ঢেকিয়া আৰু চোঁৰাতৰ বুকুৱা হাবি। ইয়াৰ লগে লগে ফুকনৰ মহাজনীয়া টকচ ঘোৰাটো, নেজখাৰী মাখুন্দী হাতীজনী, ল’ৰা পাঁচোটা, আৰু সৰু ছোৱালী দুজনী আৰু ফকননীও চকুত পৰি যাব। এই বাবেহে কৈছোঁ বোলো আমাৰ ফুকনৰ ঘৰ-বাৰী আদিত চকু দিবৰ সকাম কি? তেওঁৰ যি আছে সেয়ে থাওক, আমি তাত হস্তক্ষেপ নকৰোঁ। ধুমুহাত তেওঁৰ ঘৰৰ মুধচ উৰি গৈছে যদি তেওঁ তাক চোৱাই ল’ব, সেই কথা আমি গমি-গপি আমাৰ মূৰৰ ঘিউ খৰচ কৰোঁ কিয়? আমাৰ মূৰৰ ঘিউ আমাৰ ঘৰৰ মুধচৰ কুশলৰ অৰ্থে খৰচ কৰাই ভাল। ভগা-বেৰেদি যদি শিয়াল কুকুৰ ঘৰৰ ভিতৰলৈ সোমায়, তেওঁৰ ভাত চৰু পেলনি যাব, বা তেওঁ টোকোন লৈ শিয়াল কুকুৰ খেদিব, তাত আমাৰ হৰণ-ভগন কি? চৰগ দেখা ছালে যদি উৰুখি পানী পৰে তেওঁৰ টপা মূৰ তিতিব, আমাৰ কি? পিৰালিৰ কাষত যদি চুৱাপাতনি পাতিছে তাৰ গোন্ধ-ভাপ সুগুণ-দুগুণ মহামতি চক্ৰধৰ ফুকনে ভুগিব, তাত আমাৰ লোকচান কি? এই নিমিত্তে সেই বিলাক কথাত বইচ বাইচ আজি আমি নকৰন্তি। এই পৃথিৱীত মত দুটা; নিজৰ আৰু লোকৰ। ফুকন ডাঙৰীয়া, লোকৰ মতে, উজনিত এজন লেখৰ মানুহ; আৰু নিজৰ মতে সমনীয়াশূন্য এজন মাথোন অসমীয়া ডাঙৰ মানুহ। কবলৈ পাহৰিছোঁ, ফুকনৰ দৰমহা দেৰকুৰি টকা; কেয়া-মুদীৰ ঘৰত ধাৰ বাৰকুৰি বাৰ টকা।

ফুকনৰ পাঁচোটা ল’ৰা পাঁচ ৰকমৰ লেখা পঢ়াত পঁড়িত হ’ল। প্ৰথমটো হাতীৰ মাউত, অৱশ্যে ঘৰৰে হাতীৰ, দ্বিতীয়টো বন-বৰাগী; তৃতীয়টোৰ কথা পাছত কম; চতুৰ্থটো হালোৱা, আৰু পঞ্চম বা নুমলীয়াটো যাত্ৰাগানৰ ওজা।

তৃতীয়টোৰ সৈতে আমাৰ আজিৰ এই আখ্যানৰ সম্বন্ধ লাগিছে; সেই দেখি আন কেইটাৰ মাজৰ পৰা আমাৰ সম্বন্ধীয়া কুটুমক আঁতৰাই লৈ, আমি আজিৰ ইতিহাসৰ বাটত বাট বোলো। ফুকনৰ তৃতীয় ল’ৰাটোৰ মাম পশুপতি। পশুপতিৰ ওপজা ক্ষণত কোন গ্ৰহ বহিছিল, সোঁৱৰণী চাব জনা পণ্ডিতে হে ক’ব পাৰে; আমি মাতোন তাৰ ফলাফল এই দেখিছোঁ য়ে সৰুৰ পৰা তাৰ মন চুৰ কৰাৰ ফালে আওঢলীয়া। মাটি-মিঠা আমগছত চূণ যেন টেঙা আম হ’লে, কেনেকৈ তেনে হ’ল, যেনেকৈ বুজিব নোৱাৰি, ধৰমী চক্ৰধৰ ফুকনৰ তেজৰ পৰা এই পশুপতি কেনেকৈ হ’ল, ঠিক তেনেকৈ বুজিব নোৱাৰি। অমুক গৰু-চোৰ বুলিলে তুমি আমি যি বুজোঁহঁক, ভাল মানুহৰ পৰা পশুপতি সেয়েই হ’ল। অৱশ্যে একে দিনাই যে পশুপতিয়ে এই মহাবিদ্যাত বিদগ্ধ বা দগধা উপাধি লভিছিল এনে নহয়; এদেও দুদেও কৰিহে পশুপতিয়ে লোটা নিবৰ চেও পাইছিল গৈ; আজি এখোপ কাইলৈ দুখোপকৈ উঠিহে পশুপতিয়ে মুধা পাইছিল। প্ৰথমতে বৰচোৰ, তাৰ পিছত গৰু চোৰ, তাৰ পিছতহে আমাৰ পসুপতি দগধা-চোৰৰ শাৰীলৈ উঠিছিল।

                                               তৃতীয় আধ্যা

খৰালি ব্ৰহ্মপুত্ৰত বালিৰ এনে একোটা ডাঙৰ চাপৰি পৰে, যে তাক দেখিলে কাৰ কেতিয়া বিশ্বাস কৰিবৰ মন যায়, যে বাৰিষা সেই চাপৰি, পানীত লোণ নাইকিয়া হোৱাদি চকুৰ পচাৰতে নাইকিয়া হ’ব? লোকেশ্বৰ বৰুৱাৰ মনত, তিৰুতাৰ শোক আৰু দ্বিতীয়বাৰ বিয়া নকৰিবৰ প্ৰতিজ্ঞাস্বৰূপ যি দুটা বালিৰ বৰ চাপৰি পৰিছিল, শোকৰ খৰালি গৈ আনন্দৰ বাৰিষা আহিলত সি ভৰ সোঁতত কেনিবা কৰবালৈ উটি গ’ল। ইন্দুমতী ঢুকুৱাৰ তিনি মাহ যাওঁতে নেযাওঁতেই তেওঁ আকৌ বিয়া কৰাই ন তিৰুতা ঘৰলৈ আনিলে; জাৰ-কালিৰ অন্তত তেওঁৰ জীৱনত আকৌ বসন্তই দেখা দিলে; আকৌ-।

“প্ৰফুল্লচূতাঙ্কুৰতীক্ষ্নসায়কো দ্বিৰেফমালাবিলসদ্ধনৰ্গুণঃ।
মানংসিভেত্ত্বং সুৰতপ্ৰসঙ্গিনাং বসন্তষোধঃ সমুপাণতঃপ্ৰিয়ে।“

নিশ্চয় কৈ ক’ব পাৰোঁ, লোকেশ্বৰে নিজেও ভবা নাছিল যে তেওঁৰ মনৰ গতি এনেকৈ লৰিব। কিন্তু সংসাৰৰ এনেকুৱাই গতি। মানুহৰ মনৰ ওপৰত সময়ৰ এনেকুৱাই প্ৰভাৱ।

জৰিগছৰ পুলিয়ে পুৰণি পকিঘৰ শিপাই পেলোৱাদি অলপ বসসীয়া নতুন ঘৈণীয়েকে বয়সীয়াল লোকেশ্বৰ বৰুৱাক অসংখ্য শিপাৰে অতি শীঘ্ৰে শিপাই পেলালে। তেওঁ এতিয়া ঘৈণীয়েকৰ “উঠ” কথাত জপিয়া আৰু বহ কথাত শোৱে। তেওঁ পাহৰিও এতিয়া ইন্দুমতীৰ নাম নকয়। ইন্দুমতী নাম এতিয়া তেওঁৰ কাণত বিহ-ফুল যেন তিতা। পেটৰ পোৱালি চেনেহৰ চন্দ্ৰ, লগনীয়া মাহীয়েকৰ অনুগ্ৰহত দুদিনতে বাপেকৰ অপ্ৰিয় হ’ল।

আৰু এটা ন কতাই লোকেশ্বৰ বৰুৱাৰ গাত বাহ ল’লে। আগৰ ধুন-পেঁচৰ ধাৰ নোখোৱা লোকেশ্বৰ, এতিয়া আদহীয়া বয়সত, ধুন-পেঁচৰ ওপৰত ধাৰতে পোত খালে। আগে পিছে শেওঁতা, গাত গাত পাটৰ চোলা-চুৰিয়া, গোঁফত আতৰ আৰু মুখত তামোলৰ ৰাং আদিয়ে লোকেশ্বৰে বুঢ়া বয়সৰ বুঢ়া টেকেলাক ভেটি দি, তেওঁৰ ওপৰত “চমন জাৰি” নকৰিবলৈ খাটি, মুখত এমোকোৰা হাঁহি লৈ ডেকালি কৈ ফুৰিবলৈ ধৰিলে। ন ঘৈণীয়েকক দিনৌ কি কি ন উপায়েৰে তেওঁ সন্তুষ্ট কৰিব, তাৰ ভাৱনাচিন্তাতে তেওঁৰ সময় নিযুক্ত হ’ল।

                                                চতুৰ্থ আধ্যা

ভাল মানুহৰ সমাজৰ পৰা নাম কটাই, পশুপতিয়ে সিন্ধি-দিয়াসকলৰ সমাজত নাম লেখাই সিন্ধি-দিয়া ব্যৱসায় বেগেৰে চলাবলৈ ধৰিলে। আজি অমুকৰ ঘৰত সিন্ধি-দিয়া বাতৰি, কাইলৈ তমুকৰ ঘৰত সিন্ধি দিয়া বাতৰিত নগৰ তোলপাৰ লাগিল। চোৰ কোন? চোৰৰ চৰ্দাৰ কোন? চোৰ পশুপতি। চোৰৰ চৰ্দাৰ পশুপতি।

মৰা আউসী। ৰাতি দুপৰ। লোকেশ্বৰ বৰুৱাৰ দুই নাকত বাজে গোটেই জগত্ নিমাত-নিতাল। এনে সময়ত বৰুৱাৰ শোৱনি ঘৰৰ বেৰত টক্-টক্-টক্ তিনিটা পৰিল। ক্ষন্তেকৰ পিছতে শোৱনি ঘৰৰ দুৱাৰ মুকলি হ’ল আৰু এজনী তিৰুতো মানুহ ভিতৰৰ পৰা ওলাই গৈ বাহিৰত থিয় হৈ থকা আন এটা মানুহৰ ডিঙিত সাবট মাৰি ধৰি সুধিলে, “তুমি আহিলা! বাট চাওঁতে চাওঁতে মোৰ আমনি লাগিছিল। তুমি আজি ইমান পলম কৰিলা কিয়?”

বাহিৰৰ মানুহটোৱে ক’লে, “পলম হোৱাৰ অৱশ্যে কাৰণ আছে। মই শুনিলোঁ তোৰ গিৰিয়েৰ হেনো নগাঁৱলৈ বদলি হৈছে, আৰু ৬/৭ দিনৰ ভিতৰতে সি তোক লৈ নগাঁৱলৈ যাব; সঁচানে?”
“সঁচা।”
নকলেও হ’ব যে ভিতৰৰ পৰা দুৱাৰ মেলি ওলাই যোৱা তিৰুতা মানুহজনী লোকেশ্বৰ বৰুৱাৰ ন ঘৈণীয়েক।
মানুহটো-তেনেহ’লে তুই মোক এৰি যাবলৈ ওলাইছ?
বৰুৱানী-(চকুৰ লো টুকি) মইনো কি কৰিম?
মানুহটো-কি কৰিবি? বুধি পোৱা নাই?
বৰুৱানী-মইতো বিবুধি।
মানুহটো-বিবুধি? মই যি কওঁ কৰিবি?
বৰুৱানী-কি?
মানুহটো-কৰিবি জানো?
বৰুৱানী-কৰিম।
মানুহটো-এইখন দাৰে গিৰিয়েকক এতিয়াই কাটি পেলা।
বৰুৱানী-ইস ৰাম! মই কেনেকৈ মানুহ কাটিম!
মানুহটো-কেনেকৈ কাটিবি? বুজিলো তই মোক ভাল নেপাৱ।
বৰুৱানীয়ে এই কথা শুনি মানুহটোৰ ডিঙিত সাবটি ধৰি কান্দি ক’বলৈ ধৰিলে, প্ৰাণেশ্বৰ! এনে নিদাৰুণ কথা কিয় কলা? মই তোমাক ভাল নেপাওঁ? হৰি হৰি! মই তেন্তে কাৰ মুখ চাই জীয়াই আছোঁ মানুহ কাটিবলৈ মোৰ ভয় লাগে দেখিহে!

মানুহটো-ভয় লাগে? বাৰু কাটিব নেলাগে। তোৰ গিৰিয়েৰে ৰাতি পুৱাই পুৱাই আহোঁতেই নিতৌ উঠি সেই মূৰ-সিতানৰ কাষত থকা লোটাটোৰ পানী খায় নহয়?
বৰুৱানী-খায়।
মানুহটো-তেন্তে নে এই ডোখৰ বিহ; সেই পানী লোটাত এতিয়াই পেলাই থ। কি ভাবিছ? কৰিবি নে নকৰ?
বৰুৱানী-বাৰু কৰিম।
মানুহটো-বাৰু কি? মই জানিছোঁ তই নকৰ। মই তেনেহলে গুচি যাওঁ।
বৰুৱানী-নেযাবা নেযাবা, খং নকৰিবা, মই এতিয়াই কৰিম, এতিয়াই কৰিম।
ইয়াৰ পিছত দুয়ো বিদায় হ’ল।

                                                পঞ্চম আধ্যা

কাল ৰাতি পুৱাই আহিল। পুবে ফেহুজালি দিলে। কুকুৰাই ডাক দি মানুহক টোপনিৰ পৰা উঠি নিজ নিজ কামত লাগিবলৈ জগাই দিলে। লোকেশ্বৰ বৰুৱাই মোহ নিদ্ৰা পৰিহাৰ কৰি, ইষ্ট দেৱতাক সুমৰি হাত মেলি লোটাটো আনি যেই মুখত পানী ঢালিবলৈ ধৰিছে, “ হে নেখাব! নেখাব!“ বুলি এটা মানুহে বিজুলী-সঞ্চাৰে বৰুৱাৰ শোৱা ছালপিৰাৰ তলৰ পৰা ওলাই আহি তেওঁৰ হাতত ধৰিলে। বৰুৱা ভয়ানক উছপ খাই থৰ্ থৰ্ কৰে কঁপিবলৈ ধৰিলে; হাতৰ লোটা সৰি মাটিত পৰিল, আৰু ঘৈণীয়েকে সৈতে একে বেলিয়েই “চোৰ ঔ” বুলি গছৰ পাত-সৰা চিঞঁৰ লগাই দিলে। ততালিকে বৰুৱাৰ বৰঘৰ শিল পৰাদি তাৰ পিঠিত ঢকাটো ভুকুটো চৰটো গোৰটো পৰিবলৈ ধৰিলে। চকু-চাঁওতেই চাৰিওফালে এক হুলস্থুল কাণ্ড লাগি পৰিল।

এই চোৰ সকলোৰে চিনাকি। আমাৰো। নক’লেও হ’ব যে চক্ৰধৰ ফুকনৰ বংশধৰ পুতেক সেই পশুপতিয়েই এই চোৰ। মাৰ! মাৰ! মাৰ! সিংহৰ পোৱালি শিয়াল হ’ল! ভাল আমৰ পুলি বকৰাণিত গজিল!” অভ্যাগতসকলে মুখত এই কথা আৰু হাতত কিল-ভুকু লৈ পশুপতিক সম্ভাষণ কৰিবলৈ ধৰিলে। ৰাইজহঁত মোক নেমাৰিবি ঐ! ৰজাৰ শৰণ! মই কি কওঁ আগেয়ে শুন!” পশুপতিৰ এই কাকুতিৰ উত্ৰত সকলোৱে, চোৰে আকৌ কি কবি? চোৰ বুলিয়েই ওৰ, এই বুলি আকৌ এজাউৰি গপ্ গপ্ কৰে কিল শোধালে। উপস্থিতসকলৰ গাৰপৰা খংৰূপী ষ্টীম হো হো কৰে কিছুমান ওলাই গ’লত, “বাৰু কি ক’ব খুজিছ ক” বুলি পশুপতিৰ ওপৰত ৰাইজৰ অনুমতি হ’ল।

পশুপতিয়ে ক’বলৈ ধৰিলে, ৰাইজসকল! মই নেকেকাওঁ। চোৰৰ বিদ্যা শিকি গুৰুলাগুৰুল কিললৈ ভয় কৰিলে কি হ’ব? কিন্তু আপোনাসকলে বিচাৰ কৰি মোক কিলাওক বা ফাঁচীত দিয়ে বৰশীত দিয়ে দিয়ক। মই সকলো কথা ভাঙি কওঁ। গল ৰাতি মই বৰুৱাৰ ঘৰত চুৰ কৰিবলৈ আহি তেওঁৰ শোৱাছালপিৰাৰ তলত সোমাই আছিলোঁ; বোলো বৰুৱা বৰুৱানীৰ টোপনি আহিলে মোৰ কাৰ্য্য সিদ্ধি কৰি গুচি যাম।‘’
ৰাইজ, “পাষণ্ড!”
“গিৰিহঁত গিৰিহঁতনীৰ ভালকৈ টোপনি আহিবলৈ বাট চাই আছোঁ। ৰাতি দুপৰ হ’ল গিৰিহঁতৰ টোপনি আহিল, গিৰিহঁতনীৰ অহা নাই।”
ৰাইজ, “অহাহেঁতেন হৈছিল আৰু কি! তই মূৰতে টাঙোন মাৰিলিহেঁতেন।”

এনেতে দুৱাৰত তিনিটা টোকৰ পৰা শুনিলো। তাৰ পিছত দেখোন গিৰিহঁতনী লাহেকৈ উঠি বাহিৰলৈ গ’ল। ময়ো ছালপিৰাৰ তলৰ পৰা লাহেকৈ ওলাই হাতত-সাৰে ভৰিত-সাৰে পিছে পিছে গৈ, কি কথা, কি বতৰা দুৱাৰ-চুকৰ পৰা লুকাই চাবলৈ ধৰিলোঁ। গিৰিহঁনীয়ে এটা মানুহৰ ডিঙিত সাবট মাৰি ধৰি তাৰ অহাত পলম হোৱাৰ কাৰণ সুধিলে। সি ক’লে, মোক এৰি তই তোৰ গিৰিয়েৰৰ সৈতে নগাঁৱলৈ যাব খুজিছ, এনে কথা হ’ব নোৱাৰে। যদি তই মোক ভাল পাৱ, তেন্তে তোৰ গিৰিয়েৰক আজিয়েই কাটি পেলা। বৰুৱানীয়ে গিৰিয়েকক কাটিবলৈ অমান্তি হোৱাত সি তেওঁৰ হাতত এডোখৰ বিহ দিলে, এই ডোখৰ বিহ তোৰ গিৰিয়েৰৰ খোৱা পানীত মিহলাই দি তাক মাৰ। গিৰিহঁনীয়ে সেই কাম কৰিবলৈ গাত লোৱাত সি গুছি গ’ল। মই লাহেকৈ আহি আকৌ ছাপিৰাৰ তলত সোমালো। বৰুৱানীয়ে তেতিয়াই, বৰুৱাৰ মূৰ-শিতানৰ কাষত থকা পানী লোটাত সেই বিহ ডোখৰ পেলাই দি পাটিত উঠি শুই পৰিল। মই দেখিলোঁ যে এই অসতী মহাপাপী তিৰুতাজনীয়ে এতিয়া নিজৰ গিৰিয়েকক বধ কৰে; তেহেলৈ মোৰ যি হয় হওক, মই কেতিয়াও এনে কাৰ্য্য হবলৈ নিদিওঁ। ইয়াকে মনত থিৰাং কৰি মই ওলাই নগৈ পুৱালৈকে সেই ছালপিৰাৰ তলতে আছিলো। আৰু ৰাতি পুৱালত বৰুৱা উঠি সেই বিহ দিয়া পানী খাবলৈ ধৰাত মই ছালপিৰাৰ তলৰ পৰা ওলাই তেওঁক সেই পানী খাবলৈ হাক দিছিলো। ইয়াৰ পিছত চোৰ বুলি হুৰামুৰা লাগি পৰিছে; আৰু আপোনাসকলেও মোক বান্ধি-ছাতি কিলাইছে। এই কথা হয়নে নহয় এই গিৰিহঁতনীক সোধক।“

এই বৃত্তান্ত শুনি সকলো কাঁহ-পৰি-জিন গ’ল। লোকেশ্বৰ বৰুৱাৰ চেনেহৰ ন-ঘৈনীয়েকে, চোৰে কোৱা সকলো কথা সৈ কাঢ়িলে।

                                                সামৰণি

সেইদিনাৰ পৰা পশুপতিৰ স্বভাৱ গোটেই বদলি হ’ল। গছৰ ডালত পৰি থকা এজোৰ কৰচন চৰাইৰ এটাক, ব্যাধ এটাই কঁড়িয়াই মৰা দেখি ৰত্নাকৰৰ যেনে অতি অদ্ভুত পৰিবৰ্তন ঘটিছিল, আজিৰ এই ঘটনা দেখি পশুপতিৰ তেনে পৰিবৰ্তন ঘটিছিল। শেষ কালত পশুপতি এজন জ্ঞানী ধৰ্মী আৰু সত্ লোক বুলি খ্যাত হৈছিল।







(লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ দ্বিতীয় সংকলন, সম্পাদনা আৰু সংকলন-হৃদয়ানন্দ গগৈ, প্ৰকাশক-নগেন শৰ্মা, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১)