ধৰ্ম্মধব্জা ফয়চলা-নবিচ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ধৰ্ম্মধব্জা ফয়চলা-নবিচ
লেখক লক্ষ্মীনাথ বেজবৰুৱা
জোনবিৰি গ্ৰন্থৰ চুটিগল্প


“অজাতিৰ সন্তান! আহি মোৰ পুখুৰীটো ছুৱা কৰি গলহি। কাইলৈ গোঁসাইৰ মূৰত পানী এচলু দিয়াৰ মূৰ মাৰি থলিহি। মোৰ ল’ৰাই-ছোৱালীয়ে ঘৰে-ঘৰোৱাহ মানুহ আজি এটোপা পানীৰ আটকত গধূলিকৈ লঘোণে-ভোকে থাকিব লাগিব। এই অজাতিহঁতলৈ মাউৰ জহনীও নাইকিয়া হ’ল নে কি?”

ওপৰত তুলি দিয়া এই কেইষাৰ কথাই ক’ত, কেতিয়া আৰু কিয় জন্ম গ্ৰহণ কৰিছিল কোনোবাই ক’ব পাৰে নে? আনে পাৰক-নোৱাৰক এই আখ্যান লেখোঁতাই পাৰে।

১৮১৭ শকৰ চ’ত মাহৰ দুপৰীয়া গহপুৰৰ বামুণ গাঁৱত শ্ৰীযুত ধৰ্ম্মধব্জ পেঞ্চনপ্ৰাপ্ত ফয়চলা নবিচৰ মুখৰ পৰা এই কেইআষাৰ কথাই জন্মগ্ৰহণ কৰে। তাৰ কাৰণ-ওচৰচুবুৰীয়া জয়চন্দ্ৰ ভূঞাৰ দহ বছৰীয়া পুতেক সোমেশ্বৰৰে সৈতে দুপৰীয়া ৰ’দত ধেমালি কৰি থাকোঁতে পিয়াহ লাগি ফয়চলা নবিচৰ ঘৰৰ আগৰ পুখুৰীটোত নামি তাতে হাত-ভৰি ধুই পানী একাজলি খালে। জয়চন্দ্ৰৰ বংশত এটা বৰ ডাঙৰ চেকা অনেক কালৰ পৰা আছিল, যাক তেওঁলোকৰ তিনিপুৰুষেও ঘহি-পিহি কোনোমতে গুচাব পৰা নাছিল। সেই চেকাটো হৈছে এই—অসমত মানৰ দৌৰাত্ম্যৰ দিনত জয়চন্দ্ৰৰ বাপেক কৃষ্ণচন্দ্ৰক মানে ধৰি লৈ গৈছিল। তেওঁ মানৰ হাতৰ পৰা চিংফৌৰ হাতত পৰি, কোনোমতে পলাই সাৰি উভতি ঘৰ পালেহি। মানে তেওঁক ধৰি লৈ যাওঁতে বাটত কৃষ্ণচন্দ্ৰই অগত্যা মানৰ ভাত খাবলগীয়াত পৰিছিল; এই বাবে কৃষ্ণচন্দ্ৰৰ হেনো জাত গ’ল।

কৃষ্ণচন্দ্ৰ ঘৰলৈ উভতি আহিল হয়, কিন্তু গাঁৱৰ মানুহে তেতিয়াৰে পৰা তেওঁক জাত যোৱা বুলি এঘৰীয়াকৈ থৈ দিলে। এনে অৱস্থাতে কৃষ্ণচন্দ্ৰ ভূঞাৰ পুৰুষ গ’ল আৰু পুতেক জয়চন্দ্ৰ পুৰুষো যাবলগীয়া হ’লহি তথাপি তেওঁলোকৰ গাৰ পৰা সেই চেকাটো নুগুচিল—তেওঁলোক হিন্দু সমাজৰ চকুত সদায় অজাতি হৈয়ে ৰ’ল। কৃষ্ণচন্দ্ৰই মৰিবৰ দিনলৈকে নৈষ্ঠিক হিন্দুৰ আচাৰ ব্যৱহাৰ নীতি-নিয়ম ৰাখি হিন্দু হৈ আছিল; জয়চন্দ্ৰয়ো পিতৃপথৰ অনুগামী হৈ চুলি এডালৰ সমানে সেই আচৰণৰ পৰা আঁতৰা নাছিল; কিন্তু হ’লে কি হ’ব? তেওঁৰ জ্ঞাতি-কুটুম্ব ওচৰ চুবুৰীয়া, গঞা-গিৰি কোনেও তেওঁৰ ঘৰ মানুহেৰে সৈতে সোঁ-বাটে আচাৰ-ব্যৱহাৰ নকৰে। অতকাল হিন্দু সময়াজৰ পৰা পোৱা এই অপমান জয়চন্দ্ৰই বিনা বাক্যব্যয়ে সহি আহিব ধৰিছে; কাৰণ অদৃষ্টত তেওঁৰ অটল বিশ্বাস আৰু পিতৃ-পিতামহৰ ধৰ্মত অচলা ভক্তি, কিন্তু আজি দুপৰীয়া যেতিয়া তেওঁৰ নাবালক পুতেক নোমলচন্দ্ৰই ধৰ্ম্মধব্জ ফয়চলা নবিচৰ হাতত, ওপৰত কোৱা দৰে লাঞ্ছিত হৈ সেই কথা চকুলোৰে সৈতে বাপেকৰ আগত ক’লে, তেতিয়া জয়চন্দৰৰ বেজাৰ আৰু অপমানত হিয়া ভাগি গ’ল। অতকাল তেওঁক বান্ধি থোৱা হিন্দু ধৰ্মৰ কটকটীয়া জৰীডাল আজি হঠাত্ ভটৰ কৰে ছিগি গ’ল; আৰু জয়চন্দ্ৰই ভাবিবলৈ ধৰিলে—সঁচাকৈয়ে আমাৰ ধৰ্ম আৰু সমাজৰ অন্তৰ এনে কঠোৰ নে? ধোবা, নাপিত. চমাৰ, কমাৰ সকলোৱে সেই পুখুৰীত গা ধোঁৱে, তাৰ পানী খায়, অথচ মোৰ নাবালক ল’ৰাটোৱে দুপৰীয়া ৰ’দৰ পিয়াহত তাৰ পানী এচলু খালতহে পুখুৰীটো ছুৱা হ’ল? ধোবা নাপিত, চমাৰ, কমাৰ হিন্দু সমাজৰ চকুত সকলোবোৰ শুদ্ধ, কিন্তু আমাৰ ঘৰ মানুহ হিন্দু ধৰ্ম আৰু হিন্দু আচাৰ-ব্যৱহাৰৰ পৰা আজি ইমান দিন চুলি এভাগৰো সমানো লৰচৰ নোহোৱাকৈ থাকিও অশুদ্ধ অজাতি। এয়েই নে মই খামোচ মাৰি ধৰি থকা হিন্দু সমাজৰ, হিন্দু ধৰ্মৰ উদাৰতা? এয়েই নে ভো-ভো-পণ্ডিত হিন্দু ধৰ্ম্মধব্জসকলৰ বিচাৰ?

ইত্যাদি প্ৰকাৰে জয়চন্দ্ৰ ভূঞাই এঘণ্টামান টলকা মাৰি ভাবি আছিল। তাৰ পিছত তেওঁ বাহিৰলৈ ফুৰিবলৈ ওলাই গ’ল।

পিছদিনা গাঁৱত খবৰ ওলাল যে মানে জাত মৰা ঘৰৰ জয়চন্দ্ৰ ভূঞাই সপৰিবাৰে মহম্মদীয় ধৰ্ম্ম গ্ৰহণ কৰি মুছলমান হ’ল; আৰু তেওঁৰ নাম জহিৰুদ্দিন, পুতেকৰ নাম নুৰুদ্দিন আৰু ঘৈণীয়েক সাবিত্ৰীৰ নাম চেলিমা বিবী হ’ল।

যি ধৰ্ম্মত চহকী-দুখীয়া, ৰজা-প্ৰজা, শিক্ষিত-অশিক্ষিত সকলো সমান, যি ধৰ্ম্মত বৰ-সৰু, ৰজা-প্ৰজা, হজুৱা বাদচাহ সকলো একে আৰু সকলোৱে একে ঠাইতে একেদৰে উপাসনা কৰি শান্তি লভে, যি ধৰ্ম্মত আৰু যি ধৰ্ম্মৰ শাস্ত্ৰত সকলো মুছলমানৰে সমান অধিকাৰ, যি ধৰ্ম্মক অৱলম্বন কৰি সকলো দেশৰ ওখ, সৰু সকলো শাৰীৰ সকলো সমাজৰ মুছলমানে একেলগে একে ঠাইতে, আনকি একে পাততে খোৱা-লোৱা কৰে, যি ধৰ্ম্মত সকলো মুছমানে (উপযুক্ত হ’লে) ধৰ্ম্মযাজকৰ কাম পৰ্যন্ত কৰিবৰ অধিকাৰ পায়, যি ধৰ্ম্মত সকলো মুছলমান ভাই ভাই আৰু সকলো মানুহ সমান, আজি জয়চন্দ্ৰই সেই ধৰ্ম্মৰ আশ্ৰয় পাই ক্ষন্তেকৰ ভিতৰতে মানুহৰ প্ৰাপ্য অধিকাৰ লাভ কৰিলে।

জয়চন্দ্ৰ মুছলমান হোৱা কথা শুনি তেওঁৰ গাঁৱৰ অনেক সহৃদয় মানুহে নিজৰ সমাজৰ কঠোৰ ব্যৱহাৰৰ ওপৰত ধিক্কাৰ দি হিন্দু সমাজে যে অন্ধ সংকীৰ্ণতাৰ আশ্ৰয় লৈ নিজৰ শৰীৰলৈ নিজে দুৰ্বলতা আনিব লাগিছে, এই কথা কৈ দুখ প্ৰকাশ কৰিবলৈ ধৰিলে। কিন্তু আমাৰ ফয়চলা নবিচে হ’লে এই বাতৰি শুনি জয়চন্দ্ৰৰ ওপৰত তেওঁ জয়লাভ কৰিলে এনে ভাব প্ৰকাশ কৰি ক’লে—“বেছ হল! আমাৰ সনাতন হিন্দুধৰ্ম্মৰ গৌৰৱ অক্ষুণ্ণ হৈ ৰ’ল।”

কোৱা বাহুল্য যে, ধৰ্ম্মধব্জ ফয়চলা নবিচৰ দলত পোন্ধৰ অনা তিনি পইচা মানুহ আছিল, গতিকে তেওঁ ডিঙি মেলি ডাঙৰকৈ এই কথাষাৰ কোৱাত কোনো বিঘিনি নঘটিছিল।









(লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ দ্বিতীয় সংকলন, সম্পাদনা আৰু সংকলন-হৃদয়ানন্দ গগৈ, প্ৰকাশক-নগেন শৰ্মা, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১)