সমললৈ যাওক

চিকাৰ কাহিনী/পুৰণি স্মৃতি (বকোৰ চিকাৰ)

ৱিকিউৎসৰ পৰা

[ ৯৬ ]

পুৰণি স্মৃতি

[বকোৰ চিকাৰ]

 তেতিয়া গুৱাহাটীত মটৰগাড়ী নাছিল আৰু থাকিলেও বাটৰ অৱস্থালৈ চাই সেই সময়ত বাটেৰে মটৰ নিয়া অসম্ভৱ। আজিকালি এঘণ্টাত যাব পাৰি। ১৪টা হাতী লৈ মোৰ ককাইদেউ স্বৰ্গীয় নবীনৰাম ফুকনৰ লগত বকোলৈ চিকাৰ কৰিবলৈ যাত্ৰা কৰিলোঁ। লগত ওলাল শ্ৰীমান জ্ঞানদাভিৰাম বৰুৱা, শ্ৰীমান কামাখ্যাৰাম বৰুৱা আৰু শ্ৰীমান দেবেন্দ্ৰৰাম ফুকন। শ্ৰীমান জ্ঞান তেতিয়া বহুত দিন বিলাতত থকাৰ পিচত অসমলৈ উভতি আহিছে। তেওঁ সৰুৰেপৰা অলপ ভয়াতুৰ প্ৰকৃতিৰ (nervous ) মানুহ। কলিকতাত লগ ধৰি অসমলৈ অহাৰ কথা উলিওৱাত পোন প্ৰথমেই ডাক্তৰ থকা নথকাৰ খবৰ কৰিলে। মহে খালে মেলেৰিয়া হয় নে নহয়, ভাল ভাল কুইনাইন পোৱা যায় নে নাযায়৷ খোৱাপানীৰ কি ব্যৱস্থা,সাপসুপৰেইবা কেনে গতি-বিধি ইত্যাদি বহুবিধ প্ৰশ্নৰ সঁচাই-মিছাই উত্তৰ দি, কৈ-মেলি কোনোমতে গুৱাহাটী পোৱালোহি, লগত সৰু-সুৰা এটা ডাক্তৰখানা আহিল। গুৱাহাটী পোৱাৰ পিচতেই বকোত চিকাৰ কৰাৰ প্ৰস্তাৱ ওলাল।

 চিকাৰ যদিও ভাল তথাপি প্ৰাণীবধ কৰা অন্যায়, এই কথা লৈ কিছু যুক্তি-তৰ্কৰ পিচত চিকাৰলৈ যোৱাৰ স্থিৰ হল; কিন্তু তেনে দুৰ্গম ঠাইলৈ যোৱা উচিত নে অনুচিত সেই লৈয়ো কিছু তৰ্ক-বিতৰ্ক চলিল। তেওঁ নগলেও আমি যোৱা যেতিয়া সাব্যস্ত হ'ল, তেতিয়া তেওঁ কলে, “তোমালোকৰ যদি কিবা হয় আৰু মই নাযাওঁ, তেতিয়া মোৰ অন্যায় হব আৰু মনত ক্ষোভ থাকিব গতিকেই যি হয় [ ৯৭ ] সকলোৰে হব” বুলি যোৱাকে স্থিৰ কৰিলে। বকো গুৱাহাটীৰপৰা ৩৭ মাইল। দিনে ১০।১২ মাইলকৈ তিনদিনমানে যোৱাৰ ঠিক হল। প্ৰথম দিনা পলাশবাৰীত আছিলোঁ। শ্ৰীমান কামাখ্যাই ন-কৈ হাৰ্মনিয়ম শিকিবলৈ আৰম্ভ কৰিছে; লগতে হাৰ্মনিয়ম এটা নিছিল। নতুনকৈ শিকিবলৈ আৰম্ভ কৰা লোকৰ স্বভাৱ হৈছে, সময় নাই, অসময় নাই, শিকিবৰ চেষ্টা কৰা। ভেঁপো ভেঁপো শব্দত আমি সকলোৱে ত্যক্ত-বিৰক্ত হৈ উঠিলোঁ। কিন্তু বাজনা নেৰে কামাখ্যাৰামে। শেষত শান্তি ভঙ্গৰ আশঙ্কা দেখি তেওঁ বাথৰুমৰ আশ্ৰয় ললে। আমিও ৰক্ষা পৰিলোঁ।

  হাতীৰে খোজকাঢ়ি দ্বিতীয় দিনা পালোঁ ছয়গাওঁ। নৈৰ কাষতে চৰকাৰী বঙলা। গা ধুই, নাও খেলি, গান-বাজনা আদি ধেমালিৰে তাতে এদিন কটোৱা হ'ল। তিনিদিনৰ দিনা পালোঁগৈ বকো। দেখোঁ যে পুলিচৰ চাহাব এজনে এটা খোটালি দখল কৰি মহাসুখেৰে বহি আছে। ইমানবিলাক মানুহ এটা কোঠাত নধৰে, গতিকেই আমি ছাব-অৰ্ডিনেট অফিচাৰ থকা বহাত আশ্ৰয় ললোঁ। তাতো নৈৰ কান। চিন্তা নাই, ভাবনা নাই — পৰম আনন্দ! আমাৰ আনন্দ দেখি চাহাবেও গম্ভীৰ মূৰ্তি এৰি আমাৰ লগত যোগ দিলে। শ্ৰীমান জ্ঞানৰ নিতৌ কুইনাইন খোৱা নিয়ম অলপ শিথিল হ'ল; চৰাই-চিৰিকতি বিচাৰি ফুৰোঁতে সাপৰ ভয়ো অলপ কমিল। মাৰো নামাৰোকৈ বহুপৰৰ মূৰত বন্দুক পোন কৰে মানে চৰাই উৰি যায়েই; এইদৰে বহু চেষ্টা আৰু পৰিশ্ৰমৰ পিচত এজাই বন্দুক মৰা হ'ল। জীৱন-মৰণ বিধাতাৰ লিখন নুবুলি নোৱাৰি; বহু ৰকমে হাই-উৰুমি কৰাতো বগলীটো নলৰিল। তিনিবাৰ পোন কৰাৰ পিচত এজাই দিয়া হ'ল, য'ৰে বগলী ত’তেই ৰ’ল, কিন্তু মৰিল এটা — অলপ দূৰৈত পৰি থকা জিকৰ এটা। আনন্দতকৈ জীৱহীন চৰাইৰ প্ৰতি সহানুভূতিৰ মাত্ৰা সৰহ হ’ল আৰু তেতিয়াই স্থিৰ হ'ল, চৰাই মৰা অতি সহজ; গতিকে চৰাই মৰাত পুৰুষালি নাই, বাঘহে মৰা [ ৯৮ ]

উচিত। চৰাইকুল ৰক্ষা পৰিল—বাঘৰ ত্ৰাস লাগিল। শ্ৰীমান দেবেনে এবেলি এটা কপৌ মাৰিছিল, প্ৰথম গুলীতে। সেইদিনাৰপৰা তেওঁ গুলী নামাৰে, তেওঁৰ 'চেণ্ট পাৰচেণ্ট ৰেকৰ্ড’ অৰ্থাৎ গুলীয়ে প্ৰতি এটা মাৰা সুনাম নষ্ট হয় বুলি। শেষদিনালৈকে তেওঁক আৰু বন্দুক মৰা নেদেখিলোঁ। এদিন মাথোন বন্দুক লৈছিল, এটা পগলা কুকুৰ ওলাওঁতে। কিন্তু কুকুৰে খেদা মাৰিলত বন্দুক থৈ লৰ মাৰিলে। সেই কথা কলে তেওঁ উত্তৰত কয় যে পগলা কুকুৰ মাৰিবলৈ গৈ কুকুৰৰ কামোৰত পগলা হৈ প্ৰাণ হেৰুৱাতকৈ পলাই আত্মৰক্ষা কৰা ভাল।

 ঈশ্বৰে তাৰপৰা ৰক্ষা কৰিলে আৰু মোৰ চিকাৰী হিচাপে গুলীয়ে প্ৰতি মৰাৰ সুনামো ৰ'ল। সেইবাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। চিকাৰ বুলিলে দেবেন ওলাবয়ে আৰু নিজে বিন্দুক নধৰিলেও চিকাৰৰ নিয়ম ৰক্ষা কৰি চলিব; কিন্তু চিকাৰ নোপোৱা দেখিলে এঘণ্টাৰ ওপৰ কেতিয়াও মনে মনে থাকিব নোৱাৰিছিল—তেহেলৈ চিকাৰ যাওকেই বা থাওকেই, তুমি ভালেই পোৱা বা বেয়াই পোৱা।

 পুৱাতে চাহ-জলপান খাই চিকাৰলৈ যাত্ৰা কৰিলোঁ। বাট ওলোৱাৰ আগডোখৰ ভালেৰেই গ'ল। হাবিৰ অন্ত নাই; হাতীৰ ওপৰত মানুহ নেদেখি। গৈয়েই আছোঁ, গৈয়েই আছোঁ—নাই বাঘ,নাই পহু। হঠাতে খবৰ পালোঁ ম'হ থকাৰ। নিজ নিজ বন্দুক ললোঁ আৰু সাৱধানে হাতী চলাবলৈ দিলোঁ। অলপ পৰতে এগুলী মৰাৰ শব্দ পালোঁ; আকৌ নিস্তব্ধ। শব্দ অনুসৰি গৈ দেখোঁ,এটা প্ৰকাণ্ড মতা ম'হ পৰি আছে। দাদাৰ গুলীত মৰিল—একে গুলীতে। নিজে নোপোৱাৰ ক্ষোভ থকা সত্ত্বেও আনন্দৰ কোলাহল উঠিল।

 মূৰ কাটিবলৈ গাঁৱৰ মানুহ আনিবলৈ হাতীৰে মানুহ পঠিওৱা হ’ল; খবৰ পাই ততালিকে কছাৰী গাঁও ভাঙি ডেকা-বুঢ়৷, ল'ৰা[ ৯৯ ] ছোৱালীয়ে আহি বেঢ়ি ধৰিলে। সবাতোকৈ আনন্দ দেখা গ'ল জ্ঞানৰ। ওচৰতে বিলৰ পানী দেখি তেওঁৰ কবিত্ব জাগি উঠিল আৰু আমাৰ হকা-বাধা নামানি বিলৰ দল-পঁছা পানীকে নিৰ্মল নিজৰাৰ পানী বুলি আজলি আজলিকৈ পাৰেমানে খালে আৰু মূৰত ললে। আচল কথা, পিয়াহত আৰু গৰমত ধাতু নাই।

 নিমিষতে কাটি-কুটি ম'হৰ সৎকাৰ কৰিলে। শিংযোৰ বঙলালৈ পঠাই দিলোঁ। পহু, গাহৰি ভালেমান মৰা পৰিল, কিন্তু সেই যাত্ৰাত বাঘ নাপালোঁ। বাটে বাটে অলপ-অচৰপ চিকাৰ কৰি আনন্দ-উৎসৱত, কোলাহলত সংসাৰৰ দুখ-দুৰ্গতি পাহৰি জীৱ হিংসাৰ মহাপাপৰ আশঙ্কা মনৰপৰা দূৰ কৰি কিঞ্চিৎ অৰ্থদান কৰি আৰু যথেষ্ট পৰিমাণে প্ৰীতি-সম্ভাষণ কৰি মাউতসকলক আৰু চিকাৰত সহায় কৰা লোকসকলক বিদায় দি পুনৰ চহৰৰ মায়াময় সংসাৰত প্ৰৱেশ কৰিলোঁহি।