পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
চিকাৰ কাহিনী


ছোৱালীয়ে আহি বেঢ়ি ধৰিলে। সবাতোকৈ আনন্দ দেখা গ'ল জ্ঞানৰ। ওচৰতে বিলৰ পানী দেখি তেওঁৰ কবিত্ব জাগি উঠিল আৰু আমাৰ হকা-বাধা নামানি বিলৰ দল-পঁছা পানীকে নিৰ্মল নিজৰাৰ পানী বুলি আজলি আজলিকৈ পাৰেমানে খালে আৰু মূৰত ললে। আচল কথা, পিয়াহত আৰু গৰমত ধাতু নাই।

 নিমিষতে কাটি-কুটি ম'হৰ সৎকাৰ কৰিলে। শিংযোৰ বঙলালৈ পঠাই দিলোঁ। পহু, গাহৰি ভালেমান মৰা পৰিল, কিন্তু সেই যাত্ৰাত বাঘ নাপালোঁ। বাটে বাটে অলপ-অচৰপ চিকাৰ কৰি আনন্দ-উৎসৱত, কোলাহলত সংসাৰৰ দুখ-দুৰ্গতি পাহৰি জীৱ হিংসাৰ মহাপাপৰ আশঙ্কা মনৰপৰা দূৰ কৰি কিঞ্চিৎ অৰ্থদান কৰি আৰু যথেষ্ট পৰিমাণে প্ৰীতি-সম্ভাষণ কৰি মাউতসকলক আৰু চিকাৰত সহায় কৰা লোকসকলক বিদায় দি পুনৰ চহৰৰ মায়াময় সংসাৰত প্ৰৱেশ কৰিলোঁহি।