পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
চিকাৰ কাহিনী


সকলোৰে হব” বুলি যোৱাকে স্থিৰ কৰিলে। বকো গুৱাহাটীৰপৰা ৩৭ মাইল। দিনে ১০।১২ মাইলকৈ তিনদিনমানে যোৱাৰ ঠিক হল। প্ৰথম দিনা পলাশবাৰীত আছিলোঁ। শ্ৰীমান কামাখ্যাই ন-কৈ হাৰ্মনিয়ম শিকিবলৈ আৰম্ভ কৰিছে; লগতে হাৰ্মনিয়ম এটা নিছিল। নতুনকৈ শিকিবলৈ আৰম্ভ কৰা লোকৰ স্বভাৱ হৈছে, সময় নাই, অসময় নাই, শিকিবৰ চেষ্টা কৰা। ভেঁপো ভেঁপো শব্দত আমি সকলোৱে ত্যক্ত-বিৰক্ত হৈ উঠিলোঁ। কিন্তু বাজনা নেৰে কামাখ্যাৰামে। শেষত শান্তি ভঙ্গৰ আশঙ্কা দেখি তেওঁ বাথৰুমৰ আশ্ৰয় ললে। আমিও ৰক্ষা পৰিলোঁ।

  হাতীৰে খোজকাঢ়ি দ্বিতীয় দিনা পালোঁ ছয়গাওঁ। নৈৰ কাষতে চৰকাৰী বঙলা। গা ধুই, নাও খেলি, গান-বাজনা আদি ধেমালিৰে তাতে এদিন কটোৱা হ'ল। তিনিদিনৰ দিনা পালোঁগৈ বকো। দেখোঁ যে পুলিচৰ চাহাব এজনে এটা খোটালি দখল কৰি মহাসুখেৰে বহি আছে। ইমানবিলাক মানুহ এটা কোঠাত নধৰে, গতিকেই আমি ছাব-অৰ্ডিনেট অফিচাৰ থকা বহাত আশ্ৰয় ললোঁ। তাতো নৈৰ কান। চিন্তা নাই, ভাবনা নাই — পৰম আনন্দ! আমাৰ আনন্দ দেখি চাহাবেও গম্ভীৰ মূৰ্তি এৰি আমাৰ লগত যোগ দিলে। শ্ৰীমান জ্ঞানৰ নিতৌ কুইনাইন খোৱা নিয়ম অলপ শিথিল হ'ল; চৰাই-চিৰিকতি বিচাৰি ফুৰোঁতে সাপৰ ভয়ো অলপ কমিল। মাৰো নামাৰোকৈ বহুপৰৰ মূৰত বন্দুক পোন কৰে মানে চৰাই উৰি যায়েই; এইদৰে বহু চেষ্টা আৰু পৰিশ্ৰমৰ পিচত এজাই বন্দুক মৰা হ'ল। জীৱন-মৰণ বিধাতাৰ লিখন নুবুলি নোৱাৰি; বহু ৰকমে হাই-উৰুমি কৰাতো বগলীটো নলৰিল। তিনিবাৰ পোন কৰাৰ পিচত এজাই দিয়া হ'ল, য'ৰে বগলী ত’তেই ৰ’ল, কিন্তু মৰিল এটা — অলপ দূৰৈত পৰি থকা জিকৰ এটা। আনন্দতকৈ জীৱহীন চৰাইৰ প্ৰতি সহানুভূতিৰ মাত্ৰা সৰহ হ’ল আৰু তেতিয়াই স্থিৰ হ'ল, চৰাই মৰা অতি সহজ; গতিকে চৰাই মৰাত পুৰুষালি নাই, বাঘহে মৰা