পৃষ্ঠা:Chalachitra.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এছ. পি. বালসুব্ৰমণিয়াম, পি. সুশীলা আদিৰ দৰে কণ্ঠশিল্পীৰ ৰাগাশ্ৰয়ী গীত আৰু কাদৰী গোপীনাথৰ ছেক্সোফোনত প্ৰকাশিত হোৱা সংগীত ৰচনা আছিল ‘ডুৱেট’ৰ মূল অকৰ্ষণ। বিশেষকৈ, এটা গীতত এছ. পি. বালসুব্ৰমণিয়ামৰ কণ্ঠৰ সৈতে কাদৰী গোপীনাথৰ ছেক্সোফোনৰ যুগলবন্দী- এ. আৰ. ৰহমানৰ হৃদয়স্পৰ্শী সুৰসৃষ্টিৰ উৎকৃষ্ট নিদৰ্শন।

 এ. আৰ. ৰহমানৰ পিতৃ শেখৰ আছিল তামিল ছবিজগতৰ এগৰাকী কুশলী বাদ্যযন্ত্ৰী। বহু বিখ্যাত বিখ্যাত সংগীত পৰিচালকৰ সহকাৰী হিচাবে তেওঁ কাম কৰিছিল। স্বাধীন সংগীত পৰিচালক হোৱাৰ সপোন বুকুত বান্ধি তেওঁ অকালতে মৃত্যু বৰণ কৰে। ৰহমানৰ বয়স তেতিয়া দহবছৰ। দাৰিদ্ৰ্যৰ লগত যুঁজিবলগীয়া হ’লেও তেওঁ সংগীত-চৰ্চা বাদ নিদিলে। কম বয়সতে তেওঁ বাদ্যযন্ত্ৰী হিচাবে আত্মপ্ৰকাশ কৰিলে আৰু ২৪ বছৰ বয়সত, প্ৰথমখন ছবিৰেই অৰ্জন কৰিলে ৰাষ্ট্ৰীয় বঁটা আৰু ৰাষ্ট্ৰীয় খ্যাতি।

 ‘ৰোজা’ই ৰহমানৰ ভাগ্যৰ দুৱাৰ খুলি দিছিল, ‘ডুৱেটে’ যাত্ৰা পথত নতুন গতিৰ সঞ্চাৰ কৰিছিল, আৰু এতিয়া যাত্ৰাপথৰ এক নতুন কেঁকুৰিত ৰৈছেহি তেওঁ। এই কেঁকুৰিত থকা ছবিখনৰ নাম ‘দ্ৰোহকাল’। হিন্দীভাষাৰ এই ছবিৰ পৰিচলক হ’ল গোবিন্দ নিহলানী। ‘ৰোজা’ৰ সাফল্যৰ পাছত ৰহমানে বোম্বাই ছবিজগতৰ পৰা ভালেমান অ’ফাৰ পাইছিল; কিন্তু গ্ৰহণ কৰিছিল মাথোন ‘দ্ৰোহকাল’ৰ সংগীত ৰচনাৰ কাম। গানেৰে বিখ্যাত হোৱা ৰহমানৰ বাবে ‘ডুৱেট’ৰ পাছতে হ’ব এয়া আন এক পৰীক্ষা। কাৰণ, ছবিখত কোনো গান নাথাকিব।

 উপসংহাৰ: ‘ৰোজা’ ছবিৰ গীতে ব্যৱসায় কৰিছিল প্ৰায় দুই কোটি টকাৰ। ৰহমানে মাননি হিচাবে পাইছিল মাত্ৰ পঁচিছ হাজাৰ টকা। এতিয়া ৰহমানে প্ৰতিখন ছবিৰ বাবে দহ লাখ টকা পাৰিশ্ৰমিক লয় বুলি শুনা যায়।

 

❐ ❐ ❐

 
১২২