গোপাল ভাবিয়ো মন সকল যতনে
অৱয়ব
॥ৰাগঃ ভাটিয়ালী॥ একতাল॥
ধ্ৰুং॥ গোপাল ভাবিয়ো মন সকল যতনে।
হৰি বিনে কেনে আন চিন্তা অকাৰণে॥
পদ॥ অথিৰ জীৱন ধন, যৌৱন সকল।
কমলপত্ৰৰ নীৰ, যৈচন চঞ্চল॥
জানিয়া ভজিও মন ই সৱ তেজিয়া।
সংসাৰ সাগৰে মন, নমৰ মজিয়া॥
হৰিৰ মায়াৰ ফান্দে, জীৱ হৈল বন্দী।
ই তিনি ভূৱনে, পলাইবাৰ নাই সন্ধি॥
গুণি চোৱা মন, তুমি এৰাইবো কমনে।
ফান্দোৱাল গোবিন্দৰ ধৰিও চৰণে।য
নিজ প্ৰিয়তম হৰি জগত-নিবাস।
ভজিয়ো চঞ্চল মন তেজিও আলাস॥
কহয় মাধৱ হৰি অগতিৰ গতি।
মায়াৰ ফান্দ এৰাই পাইবা যদুপতি॥