কয়লা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
অচিনা
লেখক অমূল্য বৰুৱা
কয়লা

কয়লা !
মৰ্ত্যৰ মূৰ্ত বাসনাত কন্দা মোৰ অস্থিৰ জীৱন
লক্ষ্যহাৰা দৃষ্টি তাৰ,
বাস্তৱৰ সংঘাত আৰু
সংসাৰৰ প্ৰতিঘাত ।
মুমূৰ্ষু প্ৰাণায়ু
মই খনিৰ বনুৱা ।
দয়া, মায়া, ক্ষমা, মমতাৰ
মোৰ দুখীয়া সংসাৰ
মানুহ হৈ জীয়াই থকাৰ
জীৱনৰ কত আশা
ক'ত মোৰ হাবিলাষ,
ক’ত মোৰ ৰঙীন কল্পনা !
কিন্তু হায় !
সেইবোৰ দূৰণিৰ আধা ভগা পঁজা আৰু কয়লাৰ খনি
মাজত আধামাইল আঁতৰৰ ভাগৰুৱা ব্যৱধান ;
জীৱনৰ প্ৰতিদিন
পুৱা যোৱা
আৰু
সন্ধ্যাঘুৰা সংক্রামক ব্যাধি
অতীত বর্তমান আৰু ভবিষ্যত জুৰি
নিশ্চল গতিয়ে মোৰ
জীৱনৰ গঢ়িছে কবিতা
কৰুণ কর্কশ !
মোৰ ব্যস্ত জীৱনৰ পাৰিপাৰ্শ্বিকতা
কয়লাৰ ধোঁৱা আৰু গৰম গহ্বৰ,
কি উষ্মা তাৰ
কি ভীষণ অগ্নিকুণ্ড জ্বলে অহৰহ ।
কয়লা ।
মোৰ ভগ্ন অভীপ্সাৰ ক’লা ক’লা দাগ
অন্তৰৰ ৰঙা শোণিতৰ পৰিচিত যেন
মৰি যোৱা নিষ্ক্ৰিয় যাতনা ।
সিহঁত মোৰ বৰ আপোন
সিহঁতে মোৰ বাবে গঢ়ি তোলে
এটা সভ্যতাৰ সুকীয়া সংস্কাৰ ।
তাত নাই –
সীমাবদ্ধ জীৱনৰ নিষ্ঠুৰ মৃত্যুৰ
হাঁহি আৰু কটাক্ষৰ ভয়াৰ্দ্ৰ বিদ্রূপ ।
তাত মাথোঁ আছে
কালৰ কু-অভিসন্ধিৰ নিলাজ অভিব্যক্তি ।
জীৱনৰ কামনাত কঁপা
কুঁহিপাত, ডাল, ছালৰ
এখন বৃহৎ পাৰিবাৰিক সংসাৰৰ
পাহৰি যোৱা এটা ঠেক বুৰঞ্জী ;
কোনোবা অতীত যুগৰ এখন
অসমাপ্ত...