বিপ্লৱী

ৱিকিউৎসৰ পৰা
বিপ্লৱী

আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস ;
আমাৰ আছে ভবিষ্যতৰ সুস্থ ৰঙা সূৰ্য্যৰ পিনে চকু ।
বৰ্তমানৰ নিৰালম্ব নিৰাসক্তিৰ
বিকৃত জঞ্জাল ল'ই
জীয়াৰ বুকুত
আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে
শতেক ভৰষা ।
গেলা দুৰ্গন্ধ, অস্বাস্থ্যকৰ
হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ
এই ভঙ্গু, পঙ্গু, নৰক কেন্দ্ৰীত দেহৰ দূৰ্ভোগ
আমি
অন্তৰৰ গতিশীল শক্তিৰ
পৰম তৃপ্তিত
দিনে দিনে গঙ্গাস্নান কৰি
লভিছোঁ মুক্তি ।
আমি গঢ়িছোঁ নিজৰ ৰূপ,
সমাজৰ বিশ্ব মানৱৰ সুগভীৰ দৃঢ় সভ্যতা,
আমাৰ সংস্কৃতিৰ নৱ সাম্যমন্দিৰ ।
বিশ্বৰ জনসভাত ।
ৰুদ্ধ আত্মৰতি মননশীলতাৰ অন্ধ কাৰাগাৰ গঢ়ি
আমি নহওঁ “নিঃসঙ্গ সুদূৰ ।”
স্বৰ্গৰ কোনোবা নন্দন বনত
আমাৰ বাবে নাই
মৃত্যুঞ্জয়ী অমৃতৰ গোপন ভাণ্ডাৰ
আমি মানুহ –
জাগতিক পঞ্চভূত জাত আমাৰ
দীপ্তিমান শৰীৰক লাগে
নতুন মুকলি নীলা আকাশত হোৱা অৰুণোদয়ৰ
‘আলট্ৰা ভায়লেট' ৰশ্মি ;
পুষ্টি সাধক অন্নৰ
তৃপ্তিদায়ক ভৰা থাল ।
তাৰ বাবে আমি উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী ।
যুগ পৰিস্থিতিৰ প্ৰতীক
বস্তু আৰু আদৰ্শৰ
দ্বন্দ্বাত্মক গতি
সংগ্ৰাম লিপ্ত বিপ্লৱী ।।