কুকুৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কুকুৰ

সউদল কুকুৰ
প্ৰত্যেকটো ৰাস্তাৰ
আৱৰ্জনাৰ দ'মবিলাকৰ কাষে কাষে
সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে
ৰস নাইকিয়া শুকান একোডোখৰ
জাতি-বৰ্ণ বিচাৰ নোহোৱা হাড়;
নাইবা কোনোটোৰ মুখত
ফুটা জোতাৰ একো টুকুৰা লেকেটা চামৰা।
দুই-এটা ভাগ্যৱানৰ বাহিৰে
চুৱা-পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাটন।
সিহঁতৰ পাছে পাছে ফুৰিছে
গাৰ ছাঁৰ দৰে আন্ধাৰ বুভুক্ষা।
ক্ষুধাৰ তাড়নাত সিহঁতে পাহৰি যায়।
"অহিংসা পৰম ধৰম"
সিহঁতৰ অশৃংখল কোলাহলপূৰ্ণ, হিংসামত্ত সমাজত
ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম!
যুধিষ্ঠিৰৰ লগত স্বৰ্গাৰোহণৰ আশাত
ধৰ্মযাত্ৰা কৰিবৰ মৰসাহ আৰু সিহঁতৰ নাই।
ক্ষুধাৰ তাড়না,
লোভৰ লেলাৱতি
আৰু চোকা দাঁতৰ কুট্ কুটনিত,
নীৰস হাড় আৰু লেকেটা চামৰাও হয়
সিহঁতৰ বাবে
সৰস আৰু 'প্ৰটিন'ৰ দৰে কোমল।
ইমান তৃপ্তি সিহঁতৰ!
দাঁতত পেলাই চোবোৱাৰ
নানা কৌণিক ভংগিমাৰে
সিহঁতে যেন আৰু জটিল কৰি দিয়ে
সৃষ্টিৰ এটা পুৰণি জটিল প্ৰশ্ন-
"আমি কেৱল খাবৰ বাবে জীছোঁ নে
আমি জীৱৰ বাবে খাইছো?"
কিন্তু, "খোৱা, পিয়া আৰু স্ফূৰ্তি কৰা"
খাবৰ বাবে জী থকাৰ প্ৰত্যেকটো আহিলাৰে যে
সিহঁতৰ অভাৱ!
জীৱৰ বাবে খাবলৈ
খাদ্যৰ নামতো সিহঁতে পায় মহামাৰীৰ বীজ!
এনেকৈয়ে সিহঁতে মৃত্যুক নিজে মাতি মৰিব,
সিহঁত নিৰুপায়!
সিহঁতৰ প্ৰত্যেকৰে কপালত যে সনা আছে
কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা;
আন্ধাৰ নিশাৰ প্ৰভুৰ ঐশ্বৰ্য-চন্দুক বিশ্বাসী প্ৰহৰী
পোহৰত দুৰ্বল নিষ্পেষিত ঘৃণিত প্ৰভুভক্ত ঢেকুৰা
সকলোৱে সিহঁতক উপলুঙা কৰে;
এইখন পৃথিৱীত কি যে কূট চক্ৰান্ত!
এই দল খাবলৈ নোপোৱা কুকুৰ
ইহঁত নিম্নবংশ জাত।
কিন্তু আৰু এদল আছে
সেই দল কুকুৰে খাবলৈ পায়,
সিহঁত উচ্চ বংশজাত।
সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত
গঢ়ি উঠিছে
এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা।
দুয়ো দলৰ নাম কুকুৰ।