ওভতনি যাত্ৰা আৰু অন্যান্য/ঘূৰ্ণিত পৃথিৱী
[ ৮২ ]
ঘূৰ্ণিত পৃথিৱী
এক
কথাটো হয়তো এনেকৈ ধৰি ল'ব পাৰি যে মানুহজনৰ কোনোবা এফালে যাবলৈ একধৰণৰ খৰখেদা হৈছিল। ছিটিবাছত তেওঁ যেতিয়া জঁপিয়াই উঠিছিল, তেওঁৰ বাঁওহাতৰ চেপৰপৰা বগা কাপোৰ এডোখৰ পৰি যোৱাৰ উপক্ৰম হ’ল। সেইডোখৰক চম্ভালিবলৈ যাওঁতে দৃশ্যটো অলপ হাস্যকৰ যেনেই হৈ পৰিল। কিন্তু তাকে কৰোঁতে কাপোৰডোখৰৰ ভাঁজটো অলপ খোল খাই গ'ল আৰু বাছখনৰ ভিতৰৰ কিছুসংখ্যক যাত্ৰীয়ে মন কৰিলে যে সেইটো এটা এপ্ৰন।
ভায়’লিনৰ ক্লাছ সামৰি ভৰলুমুখৰ এই বাছ ষ্টপটোত সচৰাচৰ এনেকুৱা সময়তে বাছত উঠিবলৈ নিতাই খৰখেদা লগায়। মহিলাৰ বাবে কেইখনমান আসন সংৰক্ষিত হৈ থাকিলে কি হ’ব, সেইবোৰ আগৰ কোনোবা একোটা ষ্টপতে ভৰ্তি হৈ আহে! ইমানবোৰ মানুহ যে সদায়-সদায় ক’লৈ গৈ থাকে!
অভ্যাস হৈ গৈছে। অফিছ-কাছাৰী ছুটী হোৱা এই আহুকলীয়া সময়ছোৱাত বাছৰ ভিৰৰ মাজত থিয় হৈ, বহি, সৰীসৃপৰ দৰে পেট-বুকু-পিঠি ভাঁজ কৰি আগুৱাই-পিছুৱাই এছোৱা বাট ভ্ৰমণ কৰাৰ অভ্যাস নিতাৰ হৈ গৈছে। অলপ মস্কিল হয় ভায়’লিনখনক লৈ। মানুহক দিগদাৰি নিদিয়াকৈ ভায়’লিনৰ কঁকাল-চিঁয়া বাকচটো ক'ৰবাত সুমুৱাই দিব পাৰিলেই হ’ল; উজানবজাৰ নাইবা বাৰোৱাৰী নামঘৰৰ বাছষ্টপত ননমালৈকে এই বাটছোৱা নিশ্চিন্তমনে যাব পৰা যায়।
কিন্তু নিশ্চিন্ত মন বুলি এই পৃথিৱীত জানো সঁচাকৈয়ে কিবা এটা আছে? দেউতাক নাথাকিলেও তাইৰ মাকৰ চাকৰিটো থকালৈকে জানিবা টকা-পইচাৰ চিন্তাটো নাই, কিন্তু এই যে মানুহে সোধে,—যোৱা মাহত যে কিবা এটা সম্বন্ধ আহিছিল, সেইটোৰ কি হ’ল?—তেনেকুৱা কথাবোৰে মনটোক অনবৰতেই অস্থিৰ কৰি ৰাখে। সোণাপুৰৰ ফালৰপৰা এটা প্ৰস্তাৱ অহাৰ কথাটো সঁচা; কিন্তু বিয়া-বাৰুৰ সিদ্ধান্তবোৰতো আৰু ‘মেগি’ তৈয়াৰ কৰাৰ দৰে দুই মিনিটতে কৰিব নোৱাৰি; সময় লাগে।
কিবা কথাত বেয়া পাই খাৰঘুলি পাহাৰৰ এই ঘৰটো এৰি নিতাৰ খুৰাকহঁতৰ পৰিয়ালটোও জালুকবাৰীৰ ফালে উঠি গৈছে। একেখন মহানগৰীত থাকিও সম্পৰ্ক [ ৮৩ ] নোহোৱাৰ নিচিনা। ভাবিলে বেয়া লাগে। কিন্তু ভাল লগা কথাটো হ'ল—তাইৰ কৰুণ, গোলাকাৰ মুখখনৰ এটা সৌন্দৰ্য আছে। সেই বস্তুটো থকালৈকে তাইৰ পৃথিৱীখনত অসংখ্য প্ৰশ্ৰয়ৰ চকু আৰু তোষামোদৰ ওঁঠ আছে।
এনেকুৱা কথাবোৰ ভায়’লিনৰ তাঁৰত ব’ডালেৰে ৰেপ দি-দি বহু সময়লৈ চিজিল লগাই ভাবি থাকিব পাৰি। কিন্তু বাছৰ ভিতৰৰ চিন্তাবোৰ বিক্ষিপ্ত। কোনো এটা বাছষ্টপত নতুন মানুহ উঠিলেই আগৰ চিন্তটোৰ আঁত হেৰাই যায়।
এইযে মানুহজনৰ হাতত এটা এপ্ৰন দেখা গ'ল, তেওঁ বাৰু নিশ্চিতভাৱেই এজন চিকিৎসক নহয়নে! ডাঙৰ-ডাঙৰ হোটেলৰ ৰান্ধনিয়েও একধৰণৰ এপ্ৰন পিন্ধে, কিন্তু এই মানুহজন যে এজন চিকিৎসকেই তেওঁৰ হাতৰ ব্ৰিফকে’ছটো দেখাৰ পাছত সেই বিষয়ে নিতাৰ আৰু সন্দেহ নাথাকিল।
দুই
আজিকালিৰ দিনতো নিজা বাহন এখন নোহোৱাকৈ এজন চিকিৎসকে এইখন মহানগৰীৰ জীৱনধাৰাত চামিল হ’বলৈ লৈছে,— কথাটো বিশ্বাস কৰিবলৈকে টান লাগে। কিন্তু ঘটনাটো যদি এনেকুৱা হয় যে মানুহজন এই পেছাটোত তেনেই নতুন, চৰকাৰী চাকৰিৰ দৰে চিৰস্থায়ী বন্দৱস্ত এটা এই পৰ্যন্ত হোৱাগৈ নাই, হ’লেও বয়সটো যিহেতু আনুমানিক ত্ৰিছৰপৰা পঁয়ত্ৰিছৰ ভিতৰত, পঁয়ত্ৰিছ নহৈ উচ্চসীমাটো জানিবা সাতত্ৰিছ! ক’বতো নোৱাৰি, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কিজানিবা এনেকুৱা যে সাৰে থকা সোতৰ ঘণ্টা নতুন গাড়ী এখনৰ বাবে কুটুৰি থাকিবলৈ ঘৈণী এজনী নাই, তেনেহ'লেতো হাতত ব্ৰিফকে’ছ লৈ ৰিক্সাই-বাছে ঢপলিয়াবলগীয়া হ'বই!
আৰু কি আচৰিত, নিতাই লক্ষ্য কৰিলে, — এইটো এদিনৰ কথা নহয়। কেইবাদিনো, একপ্ৰকাৰ বাদ নপৰাকৈয়ে মানুহজনৰ সময় নিতাৰ ঘৰলৈ ওভতা সময়ৰ সৈতে মিলিবলৈ আৰম্ভ কৰিছে। বাছৰ ভিতৰত প্ৰায় নিয়মীয়াকৈ আৰু খুব ওচৰা-উচৰিকৈ থিয় হৈ, বহি অথবা সৰীসৃপৰ দৰে পেট-বুকু-পিঠি ভাঁজ কৰি আগুৱাই-পিছুৱাই এছোৱা বাট অতিক্ৰম কৰিবলগীয়া হৈছে। ফাঁচিবজাৰৰ বাছষ্টপত দুটা ছিট বৰ সুবিধাজনকভাৱে খালী হৈ পৰিছে, মিউজিকেল চেয়াৰ নামৰ এবিধ আমোদজনক খেলৰ দক্ষ প্ৰতিযোগীৰ দৰে দুয়ো ক্ষিপ্ৰতাৰে বহি পৰিছে, কিবা এটা হয়তো হঠাৎ মনত পৰি গ'ল, তেনেকুবা ভাবত কাগজজাতীয় কিবা এখন উলিয়াবলৈ মানুহজনে তেওঁৰ ব্ৰিফকে'ছটো সামান্য খুলি লৈছে। হয়তো নিতাই দেখাকৈ খুলিছে আৰু সেই সামান্য সুযোগতে নিতাই লক্ষ্য কৰিছে যে তাৰ ভিতৰত এটা ৰক্তচাপ জোখা যন্ত্ৰ আৰু এটা ষ্টেথেস্ক’প।
ডাক্তৰ প্ৰশান্ত চৌধুৰী,—মানুহজনে বৰ অমায়িকভাৱে নিজৰ এটা পৰিচয় দিয়ে। তেওঁ শিলপুখুৰীৰ ওচৰে-পাঁজৰে ক'ৰবাত ৰুম এটা ভাৰা লৈ আছে আৰু এইযে সদায় [ ৮৪ ] সদায় ভৰলুমুখলৈ অহা যোৱা, ওহোঁ, নাৰ্ছিংহোমৰ চাকৰিটো তেওঁৰ মুঠেও পছন্দ হোৱা নাই, একদম ৰুটিনমাফিক আৰু তাতোকৈ দুখৰ কথাটো হ’ল,—এনেকৈ থাকিলে নিজৰ টেলেণ্টটো ব্যৱহাৰ কৰাৰ কোনো স্ক’প নাই।
“আৰু আপুনি?”—মানুহজনে তাইৰ প্ৰতি এটা সৌজন্যসূচক আগ্ৰহ প্ৰকাশ কৰে।
নিতাই তাইৰ ভৰলুমুখৰ সংগীত বিদ্যালয়খনৰ কথা কয়, পঢ়া-শুনাৰ লেঠাবোৰ সামৰি ভায়’লিন শিকি থকাৰ কথা কয়, নিতৌ বাৰোৱাৰী নামঘৰ নাইবা উজানবজাৰ বাছষ্টপত নামি খাৰঘুলিলৈ বাকীছোৱা বাট ৰিক্সাৰে যাবলগীয়া হোৱাৰ কথা কয়, আৰু এদিন অলপ আবেগিক হৈ তাই কয় যে এই পৃথিৱীখনত তাই বৰ অকলশৰীয়া।
তাৰ পাছৰ দিনবোৰত যাত্ৰীৰ ঠেলা-হেঁচা আৰু ৰাস্তাৰ অগণন গাড়ী-মটৰৰ ভেঁ-ভেঁ -পেঁ-পেঁৰ মাজতেই ভৰলুমুখৰপৰা এছোৱা বাট এটা ষ্টেথেস্ক’প আৰু এখন ভায়’লিনৰ ঘনিষ্ঠতা বাঢ়িবলৈ ধৰে। ভায়’লিনখন যিমানেই কৰুণ আৰু বিষণ্ণ হৈ পৰে, ষ্টেথেস্ক’পটো সিমানেই যেন অধিক উদ্বিগ্ন হয়।
কেতিয়াবা তাই চলন্ত ছিটিবাছৰ খিৰিকিৰে হেঙুলীয়া বেলিটোলৈ দেখুৱায়। আৰু তেওঁ টেট্ৰামাইছিন আৰু ডেকাড্ৰনৰ লেখীয়া আপাতকঠিন ঔষধৰ নামেৰে তেওঁৰ পেছাটোৰ বিশ্বাসযোগ্যতাক দৃঢ় কৰি তোলে।
তিনি
সেয়া যদি আছিল জুনৰ প্ৰথম সপ্তাহ, তেন্তে জুলাইৰ দ্বিতীয় সপ্তাহত তাই মানুহটোক তাইৰ ঘৰলৈ নিব পৰা হৈ যায়। তাৰ পাছৰ কোনো এক সপ্তাহান্তত তেওঁলৈ এসাঁজ ভাতৰ নিমন্ত্ৰণ আহে। সিদিনা তেওঁ নিতাৰ মাকক মানিমুনি আৰু শিলিখাৰ উপকাৰিতাৰ কথা কয়।
সেই দিনবোৰ যদি বৰ্ষণমুখৰ জুলাইৰ, তেন্তে আগষ্টৰ প্ৰথম সপ্তাহত নিতা অনুযোগ কৰিব পৰা হৈ যায়, “তোমাৰ টেলিফোন নম্বৰটো মোক নিদিলাযে!”
নাই। সদ্যহতে প্ৰশান্ত চৌধুৰীৰ নামত কোনো টেলিফোন নাই। “আৰু নাৰ্ছিংহোমৰ নম্বৰটো দি কি লাভ ”– তেওঁ কয়,— “দুই-এদিনতে কামটোতো এৰিয়েই দিম।”
“এৰি দিবা?”— নিতাই উদ্বিগ্ন হৈ সোধে,— “তাৰ পাছত?”
প্ৰশান্ত চৌধুৰীয়ে কয়,— “চাওঁচোন কি কৰা যায়।”
ছেপ্টেম্বৰত নিতা অস্থিৰ হৈ উঠে। প্ৰশান্ত চৌধুৰীয়ে কয়,—“অক্টোবৰত কিবা এটা হ'ব।”
অক্টোবৰৰ দ্বিতীয় সপ্তাহত তাই সোধে,—“এতিয়া?” তেওঁ নিতাৰ চুলিত আঙুলি বুলাই-বুলাই কয়,—“বাহিৰৰ পৰা এটা অফাৰ আহিছে, এটা সাংঘাতিক প্ৰছপেক্ট, এবাৰ সোমাব পাৰিলে লাখৰ হিচাপত টকা; টকাতো নহয়, ডলাৰ!”
[ ৮৫ ] নিতাৰ চকুযুৰি উজ্জ্বল হৈ উঠে।
তেওঁ পুনৰ কয়,—“এতিয়া মাথোন পাছপ'ৰ্ট, ভিছাৰ লেঠা, আৰু ইনিছিয়েলি অলপ টকাৰ প্ৰয়োজন।”
টকাৰ প্ৰয়োজন? নিতাই সিদিনা ৰাতি তাইৰ বিয়ালৈ বুলি দেউতাকে সাঁচি থোৱা টকাৰ একাউণ্টটো উলিয়াই চায়। আৰু এদিন তাইৰ দেহ আৰু মনৰ সকলো একাউণ্ট শূন্য কৰি প্ৰশান্ত চৌধুৰী বোলা মানুহজন বতাহৰ সৈতে মিলি যায়।
ভৰলুমুখৰ বাছষ্টপত প্ৰশান্ত চৌধুৰী নাই। শিলপুখুৰীৰ ওচৰে-পাঁজৰে নাই; তাই নিজে খবৰ কৰিব পৰা কোনো ফার্মেছি, কোনো নাৰ্ছিংহোমত তেওঁৰ সম্ভেদ নাই। আনকি এইযে এটা নাম, প্রশান্ত চৌধুৰী—সেই নামৰ কোনো চিকিৎসকৰ অস্তিত্বই হেনো এই মহানগৰীখনত নাই।
চাৰি
“কপাল,”—নিতাৰ মাকে এটা দীঘল হুমুনিয়াহ কাঢ়ি কয়, ‘মোৰেই কপালৰ দোষ।”
“মনে-মনে থাক” —নিতাই এটা মৃদু ধমক দিবলৈ চেষ্টা কৰে। কিন্তু মাকৰ মুখখন বন্ধ হোৱাৰ কোনো লক্ষণ দেখা নাযায়। তেওঁ সেই একেই সুৰ, লয় আৰু ছন্দত ক’বলৈ ধৰে,—“সেই সোণাপুৰৰ কথাটোতেই হাঁ কৰা হ'লেই—!”
“কৈছোঁ নহয়, মনে মনে থাক”—নিতা অস্থিৰ হৈ উঠে । সেই অস্থিৰতাই আন এটা অস্থিৰ মনক আৰু বেছি জুৰুলা কৰি তোলে।
পৰিয়ালটোক এই অৱস্থাত এখন্তেক সান্ত্বনা দিবলৈ কোনো নাই। আত্মীয়-স্বজন সকলো নিজৰ-নিজৰ ঘৰ-সংসাৰ লৈ ব্যস্ত। এইখন মহানগৰীতেই নিতাৰ খুৰাকহঁত থাকে, অথচ সেই সম্পর্ক ইমান শিথিল হৈ পৰিছে যে এই মুহূর্তত হয়তো একোৱেই আশা কৰিব পৰা নাযায় !
আৰু কৰিবলৈ বা আছেই কিটো ? মানুহটোক বিচাৰি উলিয়াই পুলিছৰ হাতত গতোৱাৰ বাহিৰে সদ্যহতে কৰিবলগীয়া যে একোৱেই নাই!
পাঁচ
অৱশেষত বাইহাটা চাৰিআলিৰ পেট্রল পাম্প এটাত তেল ভৰাবলৈ ৰৈ থকা বাছ এখনৰ ভিতৰত মানুহটোক জব্দ কৰা হ’ল ।
গজেনে পিছ ফালৰপৰা তেওঁৰ চোলাৰ কলাৰত ধৰিলে, আগফালৰ দুৱাৰখনেৰে পলাব নোৱৰাকৈ নিতাৰ খুৰাকে তেওঁক আগচি ধৰিলে আৰু বাচ্চুৱে মানুহটোৰ সোঁহাতখন পিঠিৰ ফাললৈ পকাই নি, টানকৈ ধৰি পিছফালৰ দুৱাৰখনেৰে চোঁচৰাই নমাই আনিলে।
নিমিষতে ঘটনাটো ঘটি গ'ল। বাছখনৰ ভিতৰত বহি থকা যাত্ৰীসকলৰ কোনেও [ ৮৬ ] একো তৰ্কিবই নোৱাৰিলে। কিন্তু খুব স্বাভাৱিকভাৱেই এটা গুণগুণনিৰ সৃষ্টি হ’ল। ঘটনাটোৰ বুজ ল’বলৈ যাত্ৰীৰ মাজৰপৰা দুজন আদহীয়া মানুহ আৰু কেইটামান ডেকা ল’ৰা নামি আহিল।
বাচ্চুৱে মানুহটোৰ পেটত গোৰ মাৰিবলৈ আৰম্ভ কৰিলে। তাৰ মাজে মাজে যিকণ সুৰুঙা পোৱা যায় সেইকণৰ সদ্ব্যৱহাৰ কৰি গজেনে কেইটামান ঘোচা মাৰিলে। তাৰে তিনিটা মানুহটোৰ মুখত লাগিল। নাকেৰে এসোঁতা তেজ ওলাল, সন্মুখৰ দাঁত দুটামান লৰিল।
এই কথা নিমিষতে সদৰি হৈ পৰিল যে মানুহটো এটা মস্ত দগাবাজ আৰু তেওঁৰ প্ৰকৃত নাম প্ৰশান্ত চৌধুৰীতো নহয়েই, হয়তো বিভু কলিতা, বৰ বেছি বিভুতিভূষণ কলিতা। তাতো অৱশ্যে সন্দেহ আছে। কিন্তু যিয়েই নহওক, কিবা এটা হেস্ত-নেস্ত এতিয়াই হৈ যাওক,— এই ভাবত কেইবাজনো বাছযাত্ৰীৰ হাতৰ মুঠি টান হৈ আহিল।
ইতিমধ্যে বাচ্চু আৰু গজেনৰ গোৰ আৰু কিল খাই-খাই প্ৰশান্ত চৌধুৰী ওৰফে বিভূ কলিতা ওৰফে বিভুতিভূষণ লেবেজান হৈছিল। গোট খোৱা মানুহৰ ভিৰটোৱে সৃষ্টি কৰা বৃত্তটোৰ কেন্দ্ৰৰপৰা পৰিধিলৈ দুবাৰমান তেওঁ ছিটিকি পৰিছিল আৰু সিমানখিনিৰ পাছত এটা সতেজ গণপ্ৰহাৰৰ চিকাৰ হ’ব পৰাকৈ তেওঁৰ দেহাটো সমূলি উপযোগী হৈ নাথাকিল।
এটা বিকল্প ব্যৱস্থা বিচাপে জুমটোৰ মাজৰপৰা কোনো এজন অত্যুৎসাহী যুৱকে মানুহটোৰ চুলিখিনি খুৰাই দিয়াৰ প্ৰস্তাৱ উত্থাপন কৰিলে; আৰু কি আচৰিত, বিদ্যুৎ ক্ষিপ্ৰতাৰে ওচৰৰ চেলুন এখনৰ পৰা কেঁচী আৰু খুৰৰ যোগাৰ হৈ গ'ল। পোন্ধৰ মিনিটৰ ভিতৰত তেওঁৰ মূৰটোৱে এটা হৰ্ষ-বিষাদৰ ৰূপ পালে আৰু পেট্ৰল পাম্পৰ দৰে যন্ত্ৰবৎ ঠাই এডোখৰ কিছু সময়লৈ আমোদ-প্ৰমোদৰ কেন্দ্ৰ হৈ পৰিল।
কিন্তু সেইবুলি নলবাৰী অভিমুখী বাছ এখন বাইহাটা চাৰিআলিৰ পেট্ৰল পাম্পত কিমান সময় ৰখাই থ'ব পৰা যায়? দুই-এজন যাত্ৰী, ঘাইকৈ মহিলাসকল অধৈৰ্য হৈ উঠিল। আৰু অনেক বাক-বিতণ্ডাৰ মূৰত বাছখন সেই ঠাই এৰি নলবাৰী অভিমুখে তীব্ৰবেগেৰে গুচি গ'ল। বাছখনলৈ চাই-চাই চেলুনৰ গৰাকীজনে তেওঁৰ কেঁচীখন আৰু খুৰপাট বিচাৰি দুবাৰমান চিঞৰিলে; কিন্তু অতি স্বাভাৱিকভাৱেই সেই চিঞৰটো তল পৰি গ'ল।
ছয়
গধূলি হৈ আহিছে। বজাৰ-সমাৰ কৰিবলৈ অহা মানুহক অযথা উত্তৰ দিবলগীয়া হৈছে। পৰিস্থিতিটো নিতাৰ খুৰাকৰ সমূলি ভাল লগা নাই। তথাপি তেওঁ কৈছে যে ঘটনাটোৱে এই ৰূপ পোৱাৰ পাছত বাধ্যত পৰিহে, আৰু দেউতাক নোহোৱা ছোৱালীজনীৰ মুখখনলৈ চাইহে তেওঁ এইবোৰ কথাৰ মাজত সোমাবলগীয়া হৈছে। কপাল ভাল যে [ ৮৭ ] তেওঁ মানুহটোক নিতাৰ লগত দুদিনমান দেখিছিল। তাৰ পাছত জানিবা অনেক কথাৰ পম খেদি, অ'ত-ত'ত বিশ্বাসৰ মানুহ নিয়োগ কৰি আজি দুপৰীয়া তেওঁ খবৰ পালেহি যে মানুহটোক আদাবাৰী বাছ আস্থানত দেখা গৈছে। নলবাৰীলৈ যাবলগীয়া অমুক নামৰ, তমুক ৰঙৰ, এই-এই নম্বৰৰ বাছ এখনত উঠি মানুহটো হেনো বহি আছে। বচ, আৰু কোনো কথা নাই। কালবিলম্ব নকৰি, মাৰপিট কৰি ভাল পোৱা দুটা ডেকা ল'ৰাৰ সৈতে মদ-মাংসৰ বন্দৱস্ত কৰি, সৰু গাড়ী এখন ভাৰালৈ লৈ তেওঁ আহি-আহি এইডোখৰ পাইছেহি।
আৰু এতিয়া গুৱাহাটীৰপৰা ইমান মাইল আঁতৰৰ ঠাই এডোখৰত পুলিছ থানাত সোমাবলগীয়া হ'লেই অনেক সময়ৰ অপচয়। কিন্তু তাকে নকৰি অপাৰেশ্যেনটোৰ এটা সফল পৰিসমাপ্তি ঘটাবলৈ আন কোনো উপায় ভাবি পোৱা নগ'ল।
সাত
সৰু থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ চকু দুটা যদিও এই ফুট গধূলিতেই গধুৰ হৈ পৰিছে, যদিও তেওঁৰ খাকী পোছাকযোৰৰপৰা কোঠাটোৰ ইফালে-সিফালে ঘাম আৰু এলক’হলৰ এটা মিশ্ৰিত গোন্ধ বিয়পি পৰিছে, তথাপি তেওঁ এই মুহূৰ্তত হয়তো সাংঘাতিক অমানুহ হৈ যোৱা নাই। তেওঁৰ এটা পুলিছী মেজাজ আছে; থাকিবই। সেইবুলি তেওঁ অকণো বিৰক্তি প্ৰকাশ কৰা নাই। দোৰোল খোৱা জিভাখন লৰাই-লৰাই বিষয়াজনে কৈছে,—“চাওক, মই ইয়াক এতিয়াই এশিকনি দিয়াব পাৰোঁ, কিন্তু কথা হৈছে মাৰিম কোনডোখৰত?”
নিতাৰ খুৰাকে বিনয়েৰে ক’লে,— “কিবা এটা কৰক ছাৰ, আমি এওঁক গতাই দিবলৈহে আহিছোঁ।”
“গতাইদিওঁ বুলিলেই হ’বনে?”— স্কুলীয়া ছাত্ৰক বুজোৱাদি বিষয়াজনে নিতাৰ খুৰাকক ক’লে,—“আমি যে এটা মানুহক লৈ এই ৰাতিখন ব্যস্ত হৈ পৰিম, আমাৰ যে টোপনি খতি হ’ব, এনকোৱেৰিৰ নামত ডিঙিবোৰ শুকাব, এইবিলাকৰ এটা খৰচ নাইনে?”
নিতাৰ খুৰাকে কাবৌ-কোকালি কৰি ক'লে—“সেইবোৰ কথা নুলিয়াব ছাৰ! মই এনেয়েও এইবোৰত সোমাবলৈ বিচৰা নাছিলো। অগত্যা বাধ্যত পৰিহে —।”
পুলিছ বিষয়াজনে শ্বেলফ এখনৰ মাজৰ থাকটোৰপৰা এটা ঢাকি থোৱা গিলাচৰ দুঢোক ৰঙীণ পানী খাই ল'লে। তাৰ পাছত এটা গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰণা কৰাৰ ভংগীৰে তেওঁ ক’লে,—–“চাওক, আপোনালোকে যে ফুটপাথত খোজকাঢ়ি থকা এটা নিৰীহ মানুহক গ্ৰিভাছ হাৰ্ট কৰি, মানে অস্ত্ৰ-শস্ত্ৰৰে জখম কৰি ইয়ালৈ অনা নাই, তাৰ কিবা প্ৰমাণ আছেনে?”
নিতাৰ খুৰাক শিল পৰা কপৌযেন হ’ল।
[ ৮৮ ] বিষয়াজনে পুনৰ ক'লে,— “ভাৰতীয় দণ্ডবিধি আইনৰ তিনিশ ছাবিছ ধাৰাত আপোনাক ফচাই দিব পাৰি। আৰু আপুনি জানি থ’ব যে এই ধাৰাটো নন-বেইলেবল।”
নিতাৰ খুৰাকে একপ্ৰকাৰ কান্দি পেলালে। অনুনয়-বিনয়ৰ সুৰত তেওঁ ক'লে, “মোক যাবলৈ দিয়ক ছাৰ।”
বিষয়াজনে নিৰ্বিকাৰভাৱে ক'লে,— “খৰচ পৰিব।”
আঠ
গল্পটোৰ এটা নাটকীয়তাই সেই মুহূৰ্ততো অপেক্ষা কৰি আছিল। যিজন মানুহক কেন্দ্ৰ কৰি অতবোৰ ঘটনা ঘটিব লাগিছে, যি আজি এই মুহূৰ্তত বোধগম্যভাৱেই নীৰৱ, থানাৰ ভিতৰত যিজন ব্যক্তি ডাক্তৰ প্ৰশান্ত চৌধুৰী নে বিভু কলিতা নে বিভূতিভূষণ—সেইকথা এতিয়াও নিৰ্ণীত হোৱা নাই, তেওঁৰ জুপুকা লাগি থকা শৰীৰটো ঈষৎ লৰচৰ কৰি উঠিল। তেওঁ প্ৰথমতে পানী এগিলাচ খাবলৈ বিচাৰিলে। তাৰ পাছত অত্যন্ত শুকান, যন্ত্ৰণাক্লিষ্ট কণ্ঠৰে তেওঁ ক’লে,— “মই এষাৰ মাত মতাৰ সাহস কৰিব পাৰোঁনে ছাৰ?”
আসৈ দিয়াৰ ইচ্ছা নাথাকিলেও বিষয়াজনে ক'লে,—“কি ক’ব খুজিছ, বেগতে ক।”
মানুহজনে সেহাই-সেহাই ক’বলৈ ধৰিলে,—“মই এটা কম দৰমহাৰ চাকৰি কৰোঁ। কি কৰোঁ, ক’ত কৰোঁ সেইবোৰৰ প্ৰমাণ মই দিব পাৰোঁ। আৰু পুলিছৰ আগত মিছা কথা কৈ কি লাভ, কথাবোৰতো ওলাবই। কিন্তু কিয় এনেকুৱা কৰিলো, সেইটোহে আপোনালোকে নুবুজিব যেন পাইছোঁ ছাৰ।”
থানাখনত এতিয়া এটা মৃদু কৌতূহলৰ পৰিবেশ। আচলতে ৰাজ্যখনত বহু ডাঙৰ ডাঙৰ ঘটনা ঘটি থাকে। মিনিটে-মিনিটে টেলিফোনটো বাজি থাকে। টেবুলত স্তূপাকাৰ ফাইল। ৱাকিটকিৰ বিপ-বিপ সাংকেতিক শব্দ বিক্ষিপ্ত আৰু অস্পষ্ট। মূৰৰ ওপৰত ফেনখন ঠিকমতে চলিছেনে নাই বিষয়াজনে এবাৰ চাই ল'লে। তাৰ পাছত যান্ত্ৰিকভাৱেই তেওঁ সুধিলে – “কিয় এনেকুৱা কৰিলি?”
“আপোনালোকে ভাবিব—টকা পইচা ” —মানুহজনে অলপ দৰ্শন দাঙি ধৰিলে, “ধত-বিত কাকনো নালাগে! কিন্তু নহয়, চাকৰিটো সৰু হ'লেও মই দৰমহাটো নিয়মীয়াকৈ পাওঁ। উপৰুৱা পালে ভাল আৰু পাইতো থাকোঁৱেই, কিন্তু দুখৰ কথাটো হ’ল,—যেতিয়াই মই সংসাৰ পতাৰ কথা চিন্তা কৰোঁ, তেতিয়াই কিছুমান কুন্ধচ, ক'ৰবাত কিবা গণ্ডগোল থকা, অবাঞ্ছিতা ছোৱালীৰ প্ৰস্তাৱ আহে। সংসাৰৰ ধুনীয়া ছোৱালীবোৰ বেছি দৰমহা পোৱা মানুহবোৰলৈ গুচি যায়। যেন এইখন এখন বজাৰ! যিমান ডাঙৰ চাকৰি, যিমান বেছি উপাৰ্জন, সিমানেই ধুনীয়া একোজনী কইনা—।”
“চুপ।”
“হয় ছাৰ, মই এতিয়া চুপ কৰিম। কিন্তু মন কৰক চাৰ মোৰ চিনাকি চিকিৎসক বন্ধু [ ৮৯ ] এজনৰপৰা এটা এপ্ৰন আৰু অলপ সৰঞ্জাম সংগ্ৰহ কৰাৰ পাছত কিমান সুন্দৰকৈ চলি যাব পাৰিছোঁ, কিমান ইয়ে কৰিছোঁ, যিবোৰ মই কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন। আপোনাৰ হয়তো ভীষণ খং উঠিছে, এই চাওক ছাৰ মই মনে-মনে থাকিলো, এনেয়েও মোৰ মুখখন বিষাইছে, দাঁত বিষাইছে, মোৰ থুঁতৰিটো, আস—!”
বিশ্বাস আৰু সন্দেহৰ এটা মিশ্ৰিত ভাবেৰে পুলিছ বিষয়াজনে ক’লে,—“হওঁতে তই দাৰ্শনিকৰ দৰেই কথাবোৰ কৈছ। কিন্তু এইবোৰ ছলাহী কথাৰে তই সাৰি যাব নোৱাৰ। সেইবোৰ যি হ’ল হল, এতিয়া মোৰ ফিজটো দে।”
মানুহটোৱে তেওঁৰ পেণ্টৰ ভিতৰ-জেপৰপৰা এশটকীয়া নোট এখন উলিয়ালে। নিতাৰ খুৰাকেও অগত্যা নিজৰ জেপখনত এটা জৰীপ চলালে।
পুলিছ বিষয়াজনে দুখন নোট নিজৰ জেপত সুমুৱালে। তাৰ পাছত ক’লে,— “এতিয়া ভাগ, আগলৈ এনে কাম নকৰিবি।”
ন
পৃথিৱীখনতো আৰু একে ঠাইতে স্থবিৰ হৈ নাথাকে! ই নিৰন্তৰ ঘূৰিবই লাগিছে। গজেন আৰু বাচ্চুৰ ঠিকাৰ টেণ্ডাৰৰ কাম আছে। নিতাৰ খুৰাকৰ নিজা ঘৰ-সংসাৰ আছে। সকলোৰে এটা নিজস্ব গতি আছে। কোন কাৰ বাবে ৰৈ থাকিব পাৰে!
দুটামান মাহ এক নিজস্ব ছন্দত পাৰ হৈ গৈছে। ইয়াৰ মাজতে সোণাপুৰৰ ফালৰ কোনো এজন নিমাখিত শিক্ষকৰ ঘৰত নিতাৰ জীৱন থিতাপি লাগি গৈছে। খাৰঘুলি পাহাৰৰ ঘৰটোত এতিয়া নিতাৰ মাক আৰু এখন নীৰৱ ভায়’লিন।
আজিকালি অনেক ঘটনা দ্ৰুতগতিত ঘটি যায়।
দেখা গৈছে,—দীঘলীপুখুৰী, হাইক’ৰ্ট আৰু লতাশিল পথাৰ সংলগ্ন চাৰিআলিটোৰ সমীপত, য’ত এজাক সুন্দৰী যুৱতী সততেই দিছপুৰ-বেলতলামুখী কোনো ছিটিবাছৰ অপেক্ষাত ৰৈ থাকে, যোৱা কিছুদিন ধৰি, আনকি আজিও, গধূলিৰ সময়ছোৱাত এটা ভিৰ হৈছে। সেই ভিৰৰ মাজত এজন মানুহ একপ্ৰকাৰ জঁপিয়াই উঠিছে, তেনেকৈ উঠোতে তেওঁৰ হাতৰ চেপত ভাঁজ কৰি অনা ক’লা কোটটো পৰি যাব খুজিছে। পোছাকযোৰলৈ চাই এনে লাগিছে যেন মানুহজন এজন অধিবক্তা।
কথাটো হয়তো এনেকৈ ধৰি ল'ব পাৰি যে হাইক'ৰ্টৰপৰা নিজৰ কাম সামৰি আহোঁতে
তেওঁৰ পলম হৈছে। হয়তো কোনোবা এফালে যাবলগীয়া আছিল!
প্ৰান্তিক, ১ এপ্ৰিল, ২০০৩