পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮/ ওভতনি যাত্ৰা
 


 বিষয়াজনে পুনৰ ক'লে,— “ভাৰতীয় দণ্ডবিধি আইনৰ তিনিশ ছাবিছ ধাৰাত আপোনাক ফচাই দিব পাৰি। আৰু আপুনি জানি থ’ব যে এই ধাৰাটো নন-বেইলেবল।”

 নিতাৰ খুৰাকে একপ্ৰকাৰ কান্দি পেলালে। অনুনয়-বিনয়ৰ সুৰত তেওঁ ক'লে, “মোক যাবলৈ দিয়ক ছাৰ।”

 বিষয়াজনে নিৰ্বিকাৰভাৱে ক'লে,— “খৰচ পৰিব।”

আঠ

 গল্পটোৰ এটা নাটকীয়তাই সেই মুহূৰ্ততো অপেক্ষা কৰি আছিল। যিজন মানুহক কেন্দ্ৰ কৰি অতবোৰ ঘটনা ঘটিব লাগিছে, যি আজি এই মুহূৰ্তত বোধগম্যভাৱেই নীৰৱ, থানাৰ ভিতৰত যিজন ব্যক্তি ডাক্তৰ প্ৰশান্ত চৌধুৰী নে বিভু কলিতা নে বিভূতিভূষণ—সেইকথা এতিয়াও নিৰ্ণীত হোৱা নাই, তেওঁৰ জুপুকা লাগি থকা শৰীৰটো ঈষৎ লৰচৰ কৰি উঠিল। তেওঁ প্ৰথমতে পানী এগিলাচ খাবলৈ বিচাৰিলে। তাৰ পাছত অত্যন্ত শুকান, যন্ত্ৰণাক্লিষ্ট কণ্ঠৰে তেওঁ ক’লে,— “মই এষাৰ মাত মতাৰ সাহস কৰিব পাৰোঁনে ছাৰ?”

 আসৈ দিয়াৰ ইচ্ছা নাথাকিলেও বিষয়াজনে ক'লে,—“কি ক’ব খুজিছ, বেগতে ক।”

 মানুহজনে সেহাই-সেহাই ক’বলৈ ধৰিলে,—“মই এটা কম দৰমহাৰ চাকৰি কৰোঁ। কি কৰোঁ, ক’ত কৰোঁ সেইবোৰৰ প্ৰমাণ মই দিব পাৰোঁ। আৰু পুলিছৰ আগত মিছা কথা কৈ কি লাভ, কথাবোৰতো ওলাবই। কিন্তু কিয় এনেকুৱা কৰিলো, সেইটোহে আপোনালোকে নুবুজিব যেন পাইছোঁ ছাৰ।”

 থানাখনত এতিয়া এটা মৃদু কৌতূহলৰ পৰিবেশ। আচলতে ৰাজ্যখনত বহু ডাঙৰ ডাঙৰ ঘটনা ঘটি থাকে। মিনিটে-মিনিটে টেলিফোনটো বাজি থাকে। টেবুলত স্তূপাকাৰ ফাইল। ৱাকিটকিৰ বিপ-বিপ সাংকেতিক শব্দ বিক্ষিপ্ত আৰু অস্পষ্ট। মূৰৰ ওপৰত ফেনখন ঠিকমতে চলিছেনে নাই বিষয়াজনে এবাৰ চাই ল'লে। তাৰ পাছত যান্ত্ৰিকভাৱেই তেওঁ সুধিলে – “কিয় এনেকুৱা কৰিলি?”

 “আপোনালোকে ভাবিব—টকা পইচা ” —মানুহজনে অলপ দৰ্শন দাঙি ধৰিলে, “ধত-বিত কাকনো নালাগে! কিন্তু নহয়, চাকৰিটো সৰু হ'লেও মই দৰমহাটো নিয়মীয়াকৈ পাওঁ। উপৰুৱা পালে ভাল আৰু পাইতো থাকোঁৱেই, কিন্তু দুখৰ কথাটো হ’ল,—যেতিয়াই মই সংসাৰ পতাৰ কথা চিন্তা কৰোঁ, তেতিয়াই কিছুমান কুন্ধচ, ক'ৰবাত কিবা গণ্ডগোল থকা, অবাঞ্ছিতা ছোৱালীৰ প্ৰস্তাৱ আহে। সংসাৰৰ ধুনীয়া ছোৱালীবোৰ বেছি দৰমহা পোৱা মানুহবোৰলৈ গুচি যায়। যেন এইখন এখন বজাৰ! যিমান ডাঙৰ চাকৰি, যিমান বেছি উপাৰ্জন, সিমানেই ধুনীয়া একোজনী কইনা—।”

 “চুপ।”

 “হয় ছাৰ, মই এতিয়া চুপ কৰিম। কিন্তু মন কৰক চাৰ মোৰ চিনাকি চিকিৎসক বন্ধু