আজি পুৱতি কিহৰে আৰতি

ৱিকিউৎসৰ পৰা

আজি পুৱতি

কিহৰে আৰতি

কি নবীন বীনা বাজে....

পোহৰৰ বাটে বাটে

হে মৌন অতিথি !

আহিলা কি অভিনৱ সাজে ?

নিদ্ৰিত নৱতম পৃথিৱী জানো

(তোৰ) বৰ্ষনক্ষৰিত সেই

জ্যোতি-প্ৰভাততে

পুন্য স্নান কৰি

নবীন দিনৰ নৱজীভন মাগে,

বিশ্বজনতা জানো

পোহৰৰ বাটে বাটে

হে মৌন অতিথি

আহিলা কি অভিনৱ সাজে !!