আজি জনতাৰ নবীন চেতনা (জনচেতনা)
অৱয়ব
- আজি জনতাৰ নবীন চেতনা
- পৃথিৱী বিয়পি জাগে,
- সেই পোহৰত জগতৰ জনে
- নতুন জীৱন মাগে।
- সেই চেতনাৰ সংঘাত লাগি
- ভাগিছে শতাব্দীৰ
- দুষ্কৃতিৰ য’ত দুৰ্ভেদ্য প্ৰাচীৰ।
- জন-চেতনাৰ
- স্পৰ্শত জাগে
- ব্যথা-বেদনাৰ গান,
- জাগে দুৰ্জ্জেয় অজেয় শক্তি
- সংস্কৃতিৰ সুমহান।
- স্পৰ্শত জাগে
- এই চেতনাত ফুলি উঠে আজি
- জন-জীৱনৰ আশা,
- মুখৰিত আজি....
- প্ৰাণ সঞ্চাৰি ভাষা।
- আজি চেতনাৰ জনতা মনত
- নবীন অভ্যুদয়
- সেই চেতনাৰ সংঘাতে আনে
- জন-জীৱনৰ জয়।
- আজি জনতাৰ নবীন চেতনা